শৰথ কমল আচন্তক ২০২২ বৰ্ষৰ মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰদান কৰা হ’ব
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় টেবুল টেনিছ খেলুৱৈ শৰথ কমল আচন্তক ২০২২ চনৰ মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হ’ব।তেওঁ ৩০ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই বঁটা গ্ৰহণ কৰিব। চলিত বৰ্ষৰ আৰম্ভণিতে বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত শৰথ কমলে তিনিটা স্বৰ্ণ পদক লাভ কৰিছিল।