শ্ৰী বংকিম শৰ্মাৰ তত্ত্বাৱধানত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ সকলো আৱাসিকে বিতৰণ কৰা হয় মাস্ক আৰু চেনিটাইজাৰ

বাৰ্ত্তাসেৱা – ইংৰাজী মাহৰ ১৩ মে, ২০২১ তাৰিখে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা সকেলা আৱাসিক মাস্ক আৰু চেনটাইজাৰ বিতৰণেৰে গ্ৰহণ কৰা হয় এক সুন্দৰ পদক্ষেপ। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা অসম ন্যায়িক সেৱাৰ বিষয়া শ্ৰী বংকিম শৰ্মাৰ তত্ত্বাৱধানত অনুষ্ঠিত হোৱা এই বিতৰণ অনুষ্ঠানত যোৰহাট জিলাৰ সকলো অৱাসীৰ বাবে একোখনকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰা হয়। যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক শ্ৰীমতী চম্পাকলি বৰদলৈৰ উপস্থিতিত জিলা আইনসেৱা প্ৰাধিকৰণে কাৰগাৰৰ কৰ্তৃপক্ষক এই সামগ্ৰীসমূহ প্ৰদান কৰে। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব শ্ৰী বংকিম শৰ্মাই এই ক্ষেত্ৰত কয় যে বৰ্তমান কোভিড-১৯ৰ এই মহামাৰীৰ সময়ত ব্যক্তি এজনক মাস্ক আৰু চেনিটাইজাৰৰ ব্যৱহাৰেহে প্ৰাথমিক ভাৱে সুৰক্ষা প্ৰদান কৰিব পাৰে। তেওঁ লগতে কয় যে কাৰাবাসী সকলৰ সুৰক্ষাৰ বাবে জিলা আইন সেৱা প্ৰাধিকৰণে সকলো প্ৰকাৰৰ প্ৰচেষ্টা হাতত লৈছে আৰু বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত লঘু অপৰাধত বিচাৰাধীন হৈ থকা কাৰাবাসীক জামিন অথবা পেৰোলত সাময়িক ভাৱে মুকলি কৰাৰ বিষয়ে প্ৰচেষ্টা হাতত লোৱা হৈছে। কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষই যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ এই প্ৰচেষ্টাৰ শলাগ লয়।