অনলাইন বাৰ্ত্তাসেৱা- শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলটোত চলাইছে কোৰোনাই সন্ত্ৰাস।ক্ৰুণাল পাণ্ডিয়া কোভিডত আক্ৰান্ত হোৱাৰ পাছতেই পুনৰ কোভিড পজিটিভ হিচাপে ধৰা পৰিছে আন দুজন ক্ৰিকেটাৰ।য়ুজবেন্দ্ৰ চাহাল আৰু কে গৌতম কোৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে।দুয়োগৰাকী ক্ৰিকেটাৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হোৱা ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহিছিল।ইফালে ক্ৰুণাল পাণ্ডিয়াৰ সংস্পৰ্শলৈ আহা পৃথিৱী শ্ব, সূৰ্য কুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঈশান কিষাণকে ধৰি মুঠ ৮ জন ক্ৰিকেটাৰ কোৱাৰেণ্টাইন হৈ আছে।এই ৮ জন ক্ৰিকেটাৰ মাজতেই আছিল চাহাল আৰু গৌতম। by utpal kalita
শ্ৰীলংকা ভ্ৰমণ কৰা ভাৰতীয় ক্ৰিকেট দলটোত কোৰোনা সন্ত্ৰাসঃ আকৌ য়ুজবেন্দ্ৰ চাহাল আৰু কে গৌতম কোৰোনা পজিটিভ
