শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যৱসায়ী ৰুদ্ৰ কুমাৰ পাঠকক “অসমীয়া বৰ্তমান ” কাকত গোষ্ঠীয়ে “চিলাৰায়” বঁটা প্ৰদান

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যৱসায়ী ৰুদ্ৰ কুমাৰ পাঠকক “অসমীয়া বৰ্তমান ” কাকত গোষ্ঠীয়ে “চিলাৰায়” বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ আৰু শীৰ্ষস্থান অধিকাৰ কৰা ব্যৱসায়ী ৰুদ্ৰ কুমাৰ পাঠকক “চিলাৰায়” বঁটা প্ৰদান কৰিছে অসমীয়া সাপ্তাহিক অসমীয়া বৰ্তমান কাকত গোষ্ঠীয়ে । প্ৰাপ্ত তথ্য মতে ৰাজ্যৰ মহানগৰ গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া বৰ্তমান কাকত গোষ্ঠীয়ে আজি গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰথম বৰ্ষপূতি অনুষ্ঠান পালন কৰে।আৰু এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক জন সমগ্ৰ ৰ সভাত অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী নিবাসী ৰুদ্ৰ কুমাৰ পাঠকক ফুলাম গামোচা, চেলেং চাদৰ,শৰাই আৰু মানপত্ৰৰে এই “চিলাৰায়” বঁটা প্ৰদান কৰে। একেদৰে শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা সাহিত্যিক সমালোচক ডঃ দয়ানন্দ পাঠকক “শংকৰদেৱ সাধনা” বঁটা ,লেখক সাংবাদিক পৰেশ বৈশ্যক “শিক্ষা সৌৰভ” বঁটা ,লেখক ব্যৱসায়ী সুৰেশ গাৰোদিয়াক “অসম বন্ধু” বঁটা ,বিশিষ্ট চিকিৎসক ডঃ অমৰেন্দ্ৰ দেৱানক “সমাজ হিতৈশী ” বঁটা আৰু যুৱ ব্যৱসায়ী দিলীপ ডেকাক “যুৱ উদ্যমী” বঁটা প্ৰদান কৰে। আৰু উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰথ নাৰ্জাৰী,প্ৰাক্তন মন্ত্ৰী প্ৰবীন্দ্ৰ ডেকা ,নৱ কুমাৰ তালুকদাৰ , ঘনশ্যাম শইকীয়া ,কাকতখনৰ কাৰ্য্যবাহী সম্পাদক বিজয় পাঠক আদিয়ে উপস্থিত থাকি সাৰুৱা ভাষণ দিয়ে।অনুষ্ঠানৰ আগ ধৰে কাকতখনৰ সম্পাদক প্ৰবীণ ঠাকুৰীয়াই ইফালে পশ্চিম অসমৰ জিলা সমূহত বিশিষ্ট সমাজকৰ্মী ৰুদ্ৰ কুমাৰৰ পাঠকক “জিলাৰায়”বঁটা প্ৰদান কৰাত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক আৰু দল-সংগঠন আদিৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশিষ্ট সুভাকাংক্ষী হিচাপে ৰুদ্ৰ পাঠকক “চিলাৰায়” বঁটা প্ৰদান কৰাত বঙাইগাঁও জিলা শাখাই অতি সন্তোষ প্ৰকাশ শুভেচ্ছা আৰু আদৰণি জনাইছে জিলা সম্পাদক অজিত চৌধুৰী বাপ গৰাকীয়ে।