শ্বেৰমান আলিৰ মন্তব্যক লৈ সৰব বিজেপি দলৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

pc The Sentinal Assam

শ্বেৰমান আলিৰ মন্তব্যক লৈ সৰব বিজেপি দলৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস

 অনলাইন বাৰ্ত্তাসেৱা – মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে পাঠশালাৰ শ্ৰীৰাম একাডেমীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি বিজেপিয়ে উদযাপন কৰা সেৱা আৰু সমৰ্পণ অভিযানৰ অংশ স্বৰূপে আয়োজন কৰা নাগৰিক সভাত বজালীৰ শতাধিক বিশিষ্ট সমাজকর্মীক সম্বর্ধনা জ্ঞাপন কৰে। লগতে ৰঞ্জিত কুমাৰ দাসে শ্বহীদক লৈ অপমানসূচক মন্তব্য কৰা বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী সন্দৰ্ভত মন্তব্য কৰি লগতে কয় যে বিজেপি চৰকাৰৰ শাসন চলি থকাৰ পিছতো কোনোবাই শ্বহীদক লৈ বিতর্কিত মন্তব্য কৰিব পাৰে, শাসনত বিজেপিৰ চৰকাৰ নাথাকিলে কি অৱস্থা কৰিলেহেঁতেন ?  সেয়াহে এতিয়া এই অঞ্চলৰ ৰাইজে চিন্তা-চৰ্চা কৰিব লগা বিষয়। বাৰে বাৰে ৰাজ্যৰ শান্তিৰ বাতাৱৰণ নষ্ট কৰিব খোজা, অসম বিৰোধী মন্তব্যৰে অসমীয়াৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এনাজৰীডাল ছিঙিব খোজা কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ বক্তব্য যদি কংগ্ৰেছৰ বক্তব্য নহয়েই, তেন্তে কংগ্ৰেছে তেওঁক এতিয়াও কিয় বহিষ্কাৰ কৰা নাই বুলি প্ৰশ্ন কৰিছে জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।