শ্বহীদ বীৰংগনা কনকলতাৰ জন্ম শতবৰ্ষ উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ বীৰাঙ্গনা কনকলতা জন্ম শতবৰ্ষ উপলক্ষে সদৌ অসম শ্বহীদ কনকলতা জন্ম শতবৰ্ষ উদযাপন কমিটীৰ পক্ষৰ পৰা ৰাজ্যজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠান আয়োজন কৰা হয়। আজি গুৱাহাটীত পুৱা ৯.৩০ বজাত কমিটীৰ তত্বাৱধানত এশজনীয়া কিশোৰ কিশোৰী বাহিনীৰে শ্বহীদ কনকলতা ফটো সম্বলিত পতাকা হাতে হাতে লৈ টেবলো সহ উলুবাৰী ভলভ পইন্টৰ পৰা লক্ষ্মীৰাম বৰুৱা সদনলৈ শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয় লক্ষ্মীৰাম বৰুৱা সদনৰ চৌহদত। শতাধিক ৰাইজৰ উপস্থিতি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কমিটীৰ উপদেষ্টা মণ্ডলীৰ জ্যেষ্ঠ সদস্য তৰেণ বড়োৱে প্ৰথমে পুষ্পাৰ্ঘ্য নিবেদন কৰাৰ লগতে কমিটীৰ উপ-সভাপতি ড° চিত্ৰলেখা দাস আৰু উপস্থিত ৰাইজ। শৃংখলাবদ্ধভাৱে শ্বহীদ কনকলতাৰ প্ৰতিকৃতিত এশজনীয়া কিশোৰ কিশোৰী বাহিনীয়ে গাৰ্ড অফ অনাৰ জৰিয়তে শ্ৰদ্ধা জনায়। লক্ষ্মীৰাম বৰুৱা সদনত সদৌ অসম শ্বহীদ কনকলতা জন্ম শতবৰ্ষ উদযাপন কমিটীৰ যুটীয়া সম্পাদক জিতেন্দ্ৰ চলিহাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ আলোচনা সভাত সভাপতিত্ব কৰে কমিটীৰ উপ-সভাপতি সুভাষ গোস্বামীয়ে। সভাত বক্তব্য প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী তৰেণ বড়ো,ড° চিত্ৰলেখা দাস আৰু বিশিষ্ট নিবন্ধকাৰ, লেখক জিতেন শৰ্মাই। বক্তা সকলে শ্বহীদ কনকলতা বৰুৱাৰ জীৱন সংগ্ৰামৰ নানা দিশ আলোকপাত কৰে। বৰ্তমান সমাজ ব্যৱস্থাৰ সামাজিক প্ৰেক্ষাপটত শ্বহীদ কনকলতা বৰুৱাৰ জীৱন সংগ্ৰাম অত্যন্ত প্ৰাসঙ্গিক হৈ পৰিছে আৰু তেওঁৰ জন্ম শতবৰ্ষই এক আলোক বৰ্তিকাৰ দৰে নতুন প্ৰজন্মৰ ওপৰত বাৰ্তা প্ৰদান কৰিব। প্ৰচলিত সমাজ জীৱনৰ সমাজ বিমুখ মানসিকতাৰ স্বীকাৰ হৈছে বৰ্তমান প্ৰজন্ম লগতে ৰাজনৈতিক অৱক্ষয়ে চানি ধৰিছে গোটেই সমাজ। এনে জটিল সন্ধিক্ষণত ছাত্ৰ -ছাত্ৰী,যুৱক- যুৱতীৰ মাজত শ্বহীদ কনকলতা বৰুৱাৰ জীৱন সংগ্ৰাম চৰ্চা অত্যন্ত প্ৰয়োজন হৈ পৰিছে বুলিও উল্লেখ কৰে।ড° চিত্ৰলেখা দাসে কয় যে দেশ যদিও মহান শ্বহীদ সকলৰ আত্মত্যাগৰ বিনিময়ত স্বাধীন হৈছে যদিও স্বাধীনতা আন্দোলনৰ অমৰ শ্বহীদ সকলৰ সপোন পূৰ্ণ হোৱা নাই। এতিয়া দেশত লাখ লাখ মানুহ খাব নাপায় মৃত্যু মুখত পৰিছে। নিবনুৱা সমস্যাৰে ভৰপূৰ। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আত্মহত্যা পথ বাচি লৈছে।মদ, ড্ৰাগছৰ আসক্ত হৈ এক ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে। ধনীক শ্ৰেণী ধনী হৈছে, দুখীয়া আৰু দুখীয়া হৈ পৰিছে। এই পৰিস্থিতিত শোষণহীন সমাজ গঢ়ি তোলাৰ বাবে কনকলতাৰ দৰে বীৰ বীৰাঙ্গনা সকলৰ আত্মত্যাগৰ প্ৰয়োজন আজি আকৌ এবাৰ দেখা দিছে। এই প্ৰয়োজন পূৰণ কৰাৰ বাবে দেশপ্ৰেমিক মনোভাৱেৰে, উন্নত ৰুচি সংস্কৃতি, উন্নত চিন্তাধাৰাৰে নতুন সমাজ গঢ়াৰ সংগ্ৰামত জনসাধাৰণ আগবাঢ়ি আহিব লাগিব। লগতে কনকলতাৰ জন্ম শতবৰ্ষ উদযাপন কমিটিয়ে সমাজজীৱনলৈ এক নতুন বাৰ্তা আনিবলৈ এবছৰ জোৰা কাৰ্যসূচী পালন কৰিব বুলি মন্তব্য কৰে।