শোলমাৰী-কল্যাণপুৰত পথ দুৰ্ঘটনাত শিক্ষকৰ কৰুণ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত শোলমাৰী-মাকৰী ৰাষ্ট্ৰীয় ঘাইপথত এটি পথ দুৰ্ঘটনাত এগৰাকী শিক্ষকৰ কৰুণ মৃত্যু ঘটে ।প্ৰাপ্ত বাতৰি অনুসৰি,কুমৰী এম.ই স্কুলৰ সহকাৰী শিক্ষক চিনন ৰাভাই (৫৭)স্কুল চুটি হোৱাৰ পিছত মাকৰী-শোলমাৰী ৰাষ্ট্ৰীয় ঘাই পথেৰে ঘৰলৈ উভতি অহাৰ পথত দিনৰ ২.৩০ মান বজাত কল্যাণপুৰস্থিত এন আৰ এল তেল ডিপোৰ সন্মূখত দুৰ্ঘটনাটো সংঘটিত হয় ।শিক্ষক গৰাকীয়ে তেল ডিপোত নিজে চলাই অহা হিৰো হোণ্ডা নংএএছ-১৮ এ-০৮৪৬ বাইকত পেট্ৰোল ভৰাই ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ মুহুৰ্ততে একে দিশৰ পৰা অহা তীব্ৰ বেগী পিকাপভান নং এএছ-১৬ এ চি -০৬৯১ গাড়ীখনে খুন্দিয়াই দি বাইকসহ শিক্ষকগৰাকীক বহুদূৰলৈকে চোচৰাই নিয়ে । ফলত থিতাতে নিহত হয় শিক্ষকগৰাকী।এই ঘটনাই নিজ গাঁও মাজেৰবড়ীত শোকৰ ছাঁ পৰিছে ।মৃত্যুৰ সময়ত শিক্ষকগৰাকীয়ে দুটি পুত্ৰ,কন্যা আৰু পত্নীক এৰি থৈ যায়।