শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা: তেজপুৰবাসীসকল সাংস্কৃতিক মনৰ অধিকাৰী

শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী পীযুষ হাজৰীকা: তেজপুৰবাসীসকল সাংস্কৃতিক মনৰ অধিকাৰী

নয়নজ্যোতি তালুকদাৰ, গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি তেজপুৰত শোণিতপুৰ জিলা দিৱস উদযাপন অনুস্থানত অংশ গ্ৰহণ কৰে । অনুস্থানটোত বক্তব্য ৰাখি মন্ত্ৰীগৰাকীয়ে জিলা দিৱসৰ অনুস্থানত জিলা প্ৰশাসনৰ লগতে জিলাখনৰ সকলো ৰাইজকে অভিনন্দন জ্ঞাপন কৰে । বানৰজা আৰু উষা অনিৰুদ্ধৰ কাহিনীৰে প্ৰখ্যাত তেজপুৰ চহৰৰ ঐতিহ্যক লৈ আমি সকলোৱে গৰ্বিত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী হিচাবে জিলাখনক সৰ্বাংগসুন্দৰ কৰি গঢ়ি তুলিবৰ বাবে সকলো প্ৰয়াস কৰিব বুলি প্ৰকাশ কৰে । তেজপুৰবাসী ৰাইজ সাংস্কৃতিক মনৰ অধিকাৰী বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে মন্ত্ৰীগৰাকীয়ে বিগত কাৰ্যকালত নগৰ উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হৈ থাকোতে তেজপুৰ পৰিচ্ছন্ন চহৰ হিচাবে স্বীকৃত হোৱাৰ কথা উল্লেখ কৰি তেজপুৰবাসীক ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰে । জিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত শোণিতপুৰ জিলা দিৱসত মন্ত্ৰীগৰাকীৰ লগতে জলসিঞ্চন মন্ত্ৰী অশোক সিংহল, বিধায়কসকল পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু, পৃথ্বীৰাজ ৰাভা আৰু কৃষ্ণ কমল তাঁতী, ৰাজ্যখনৰ তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, অৱসৰপ্ৰাপ্ত অধ্যাপক পুৰ্ণেশ্বৰ নাথ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখক ছবিলাল উপাধ্যায়, কবি-লেখিকা ড° তপতী বৰুৱা কাশ্যপ, বিশিষ্ট সমাজকৰ্মী বাতাচ ওৰাং, জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিন, তেজপুৰ জিলা পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানা ভট্টাচাৰ্য আৰু জিলাখনৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত আছিল ।