শিৰোনামাই কয় ‘কলম এতিয়াও ৰৈ আছে’….
চেন্নাইৰ প্ৰখ্যাত ৱাল্লাজাহ মছজিদৰ কাষৰ আলি টোতে সৰুকৈ অফিচ এটা, য’ত আছে কেৱল বিভিন্ন ধৰণৰ কলম, চিয়াঁহীৰ বটল আৰু ঠাক ঠাক কাগজ! ১৯২৭ চনত চৈয়দ আজাথাউল্লা ই The Musalman নামৰ পৃথিৱীৰ প্ৰথম হাতে লিখা বাতৰি কাকত খন প্ৰতিষ্ঠা কৰিছিল, আজি ৯৩ বছৰত ভৰি দিছে।দেউতাকৰ মৃত্যুৰ পাছত চৈয়দ ফাজিতুল্লা আৰু বৰ্তমান তেখতেৰ পুত্ৰ চৈয়দ আৰিফাউল্লা ই এই বাতৰি কাকত উলিয়াই আছে। ৩০ বছৰীয়া এই ডেকা জনেই সম্পাদনা কৰে, লিখে আৰু প্ৰিন্ট কৰায়। ” মই আন কাম নকৰিলো কিয়নো বাতৰি কাকতখন চলি থকাটো বৰ প্ৰয়োজন, তদুপৰি ককাৰ উদ্দেশ্য আছিল, মুছলমানৰ কথা, সমস্যা আদি জগতক জনোৱা ” বুলি আৰিফুল্লই কয়। চাৰি পৃষ্ঠাৰ আহিল বহল জোখৰ বাতৰি কাকতৰ সকলোবোৰ বাছনি কৰে আৰিফুল্লই নিজে। দেশৰ বিভিন্ন ঠাইত এওঁলোকৰ নিজা সংবাদদাতা আছে, কিন্তু আন বাতৰি কাকতৰ দৰে আন কাৰো নাম বাতৰি দিওঁতাৰ শিৰোনামাত নাহে। ৰাতিপুৱা দহ বজাত দুগৰাকী অনুবাদক আহে, উৰ্দুলৈ বাতৰি ভাঙনি কৰিবলৈ। দুঘণ্টাৰ ভিতৰত এই কাকতৰ তিনিজন calligrapher আহি অসীম ধৈৰ্য্যৰে, সুন্দৰকৈ বাতৰি সমূহ calligraphy ত লিখি যায়। Calligraphy বাতৰি কাকতৰ আত্মা বুলিও ধৰিব পাৰি। কিন্তু, আজি এই টেকনলজী ৰ দিনত সেই সকলৰ কাম নোহোৱা হৈ পৰিল। শ্ৰীনগৰত থকা চৰকাৰী ইনষ্টিটিউট য’ত উৰ্দু calligraphy শিকাইছিল, সেয়াও বন্ধ কৰিবলগীয়া হ’ল- ছাত্ৰ ছাত্ৰীৰ অভাৱত অৰ্হতা থকা উৰ্দু সংবাদদাতা পোৱা সহজ নহয়; কিন্তু আৰিফুললাই দেউতাকৰ দিনৰে পৰা থকা আৰু দুই এজন ইচ্ছুক লোকৰ সৈতে কাম চলাই আছে- কোনো অসুবিধা নোহোৱাকৈ।কাকতৰ scripting হৈ যোৱাৰ পাছত , বিজ্ঞাপন সমূহ ভৰাই ,প্ৰিন্ট কৰিবলৈ দিয়া হয় আৰু আবেলি লৈ প্ৰায় ৩০ হাজাৰ পঢ়ুৱৈৰ হাতত এই বাতৰি কাকত বোৰ পৰেগৈ। কাকত খনৰ মূল্য কেৱল ৭৫ পইচা ( দুবছৰৰ আগলৈকে) ; দেশৰ ভিতৰতে কম মূল্যৰ বাতৰি কাকত। এই প্ৰেছত আনেও কিবা কিবি প্ৰিন্ট কৰাই বাবে আৰিফুল্লৰ আয় প্ৰেছৰ পৰাই হয়, বাতৰি কাকতৰ পৰা নহয়। আৰিফুল্লাই গৌৰবেৰে কয় ” সকলো ধৰনৰ বাতৰি আমি আৱৰি লওঁ, দেশৰ, আন্তৰ্জাতিক, স্থানীয়– যি বোৰ দৰকাৰ বুলি ভাবো। কিন্তু আন বহু উৰ্দু কাকতৰ দৰেই ,অভিকেন্দ্ৰ বেছি কৈ মতামত হে, বাতৰি নহয় ; তদুপৰি, breaking news ৰ ওপৰত আমি বেছি গুৰুত্ব নিদিওঁ। আন উৰ্দু কাকতৰ দৰেই আমিও আমাৰ ধৰ্মৰ কথা লিখো আৰু ইছলামিক শিক্ষা প্ৰচাৰ হোৱাটোত জোৰ দিওঁ যদিও আমাৰ বহুতো অমুছলমান পাঠকো আছে। এই কাকতৰ পঢ়ুৱৈ দেশৰ সকলো ঠাইতে আছে, সেইবোৰ ঠাইলৈ আমি কেৰিয়াৰ কৰি পঠাও। কাকত খনত উৰ্দু আৰু ইংৰাজীত নানা ধৰণৰ বিজ্ঞাপন দিয়া হয় । প্ৰথম পৃষ্ঠাত লাগতিয়াল, দেশ বিদেশৰ খবৰ, দ্বিতীয় পৃষ্ঠাত সম্পাদকীয় আৰু বাকী দুখন পৃষ্ঠাত থাকে স্থানীয় বাতৰি আৰু বিজ্ঞাপন। সোমবাৰৰ খন অলপ বেলেগ, ইয়াত প্ৰধানকৈ কোৰানৰ ওপৰত লিখা প্ৰবন্ধ আৰু কিছু ইছলামিক বুৰঞ্জীৰ কথা থাকে। প্ৰাক স্বাধীনতাৰ যুগত উত্তৰ ভাৰতৰ পৰা কেইবাখনো নামজ্বলা, উৰ্দু ভাষাৰ বাতৰি কাকত প্ৰকাশ হৈছিল, তাক সকলো ধৰ্মৰ লোকে পঢ়িছিল। কিন্তু দেশ বিভাজনৰ পিছত বেছিভাগ উৰ্দু কাকত বন্ধ হৈ গ’ল। আজি সৰহ সংখ্যক বাতৰি কাকত অনলাইনত উপলব্ধ, কিন্তু The Musalman ৰ তেনে কোনো মতলব নাই। এই কাকতৰ অসাধাৰনতা ‘হাতে লিখা’ ; গতিকেই এই লোকবিশ্বাস মনৰ পৰা মচিব নোৱাৰি। আজি ৯৩ বছৰত ভৰি দিয়া ,হাতে লিখা এই অনন্য বাতৰি কাকত এটা দিনো ক্ষতি নোহোৱাকৈ ওলাই আছে, আনকি বিভাজনৰ সময়টো এই কাকতে নিজৰ কৰ্তব্য কৰি গৈছিল।
দেৱীকা বৰপূজাৰী,
মুম্বাই