শিশু সাহিত্যৰ প্রয়োজনীয়তা
কল্পনা দত্ত
মানুহৰ জীৱনৰ সোণালী সময়খিনিয়েই হ’ল শিশুকাল। জীৱনৰ স্বাচ্ছন্দ্য মুকলিভাৱে উপভোগ কৰাৰ সময় এফালে যেনেকৈ শিশুকালতে পোৱা যায়- আনফালে মানসিক বুদ্ধি-বৃত্তি তথা ৰ গঠন প্রক্রিয়া আৰম্ভ কৰাৰো ই সোণালী সময়। এই সময়ছোৱাত বাস্তৱ-অৱাস্তৱ, প্ৰিয়-অপ্রিয় যিকোনো কথাই কল্পনা কৰি এক অপূর্ব তৃপ্তি লাভ কৰে শিশুৱে। সিহঁতৰ সপোনৰ ৰাজ্যখনত অসম্ভব একো নাই, ডাক্টৰেও কল্পনা কৰে কিন্তু কল্পনাৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ জ্ঞান তেওঁলোকৰ থাকে। শিশুৱে যি বিচাৰে তাকে পাবলৈ চেষ্টা কৰে। সেইবাবে সাধুবোৰ সিহঁতে ভালপায়। সাধুবোৰত গছ, চৰাই, পৰ্বত, নদী সকলোৱে কথা পাতে, সকলোৱে হাঁহে-কান্দে। সিহঁতৰ কল্পনাবোৰ সাধুবোৰত বাস্তৱ ৰূপ পায়।
শিশুৰ কোমল মন দয়া, মৰম, সহানুভূতি আদি ভাববোৰে ক্ৰিয়া তথা আকৰ্ষিত কৰে। আনহাতে, খং, ৰাগ, হিংসা, মৃত্যু আদিয়ে সিহঁতৰ মনত বিৰূপভাৱে ক্রিয়া কৰে। সিহঁতে পুতলাৰ লগত কথা সাতে, পুতলাৰ দুখত চকুপানী টোকে। পুতলাৰ লগত সিহঁত একাত্ম হৈ পৰে। কৌতূহলপ্ৰিয়তা শিশুৰ জন্মগত গুণ। চাৰিওকাষৰ প্ৰতিটো ঘটনাৰে, প্ৰতিটো কাৰ্যৰে কাৰণ বিচাৰি নিজেও হাবাথুৰি খায়, আনকো ব্যতিব্যস্ত কৰি তোলে।
কিন্তু সময়ৰ লগে লগে জীৱনৰ গতিধাৰাও সলনি হ’ল। নিজ নিজ চৌহদতে আজিৰ শিশু বন্দী। অনেক সময়ত খোৱা-লোৱা, বিদ্যালয় আৰু টিউচনতে আজিৰ শিশুৱে কৈশোৰ পায়- যৌৱন পায়। আজিৰ শিশুৱে আজৰি সময়ৰ সংগীৰূপে পাইছে দুদর্শন অথবা কম্পিউটাৰক নতুবা অনিচ্ছাৰে সময় কাটাইছে ছবিৰ শিক্ষাৰ কেন্দ্ৰত নাইবা গীত-বাদ্যৰ শ্ৰেণীত। এয়া বেয়া নহয়, কিন্তু ইয়াত শিশুৰ সন্মুখত আমি এখন বিৰক্তিকৰ ৰুটিন তুলি দিছো। অথচ এই ৰুটিনখনকে আমি অলপ সুচিন্তাৰে প্ৰিয় আৰু ৰুচিসম্পন্মত কৰি তুলিব পাৰো।
শিশুৰ মানসিক বিকাশত সাধুকথা, কাহিনী, লোককথা আদিয়ে নিশ্চিতভাৱে সহায় কৰে। কিন্তু শিশুৰ বাবে লিখাটো সহজ কাম নহয়। সার্থক শিশু সাহিত্যৰ যোগেদি শিশুসকলৰ মানসিক স্তৰৰ বিকাশ সাধন কৰিবলৈ যাওঁতে প্ৰথমতেই শিশুৰ মানসিক স্থিতি, সিহঁতৰ ৰুচিবোধ, কল্পনাৰ মাপকাঠী আদি নিখুঁতভাৱে জানি ল’ব লগা হয়। অবোধ মনক বিভিন্ন চৰিত্ৰৰ মাধ্যমেৰে আনন্দ দিব পৰাটো শিশু সাহিত্যৰ মূল উদ্দেশ্য। শিশু সাহিত্য সৃষ্টি অসমীয়াত কম, কিন্তু তাৰ মাজতো আমাৰ অগ্ৰজসকলে ১৮৮৬ চনৰ পৰাই শিশুৰ বাবে স্বনামধন্য সাহিত্যিক কৰুনাভিৰাম বৰুৱাৰ ‘ল’ৰাবন্ধু’ নামৰ শিশু আলোচনীৰ আৰম্ভণিৰে শিশুসকলৰ এই অভাৱ পূৰণৰ চেষ্টা কৰি আহিছে। ইয়াৰ পাছত অৰুণ, আমাৰ দেশ, পাৰিজাত, ৰংঘৰ, কাঁচিজোন, দীপক, জোনবাই, সঁফুৰা, মৌচাক, কিশোৰ ৰংমেলা আদিৰ এক দীঘলীয়া পৰিক্ৰমা শিশু আলোচনীয়ে পাৰ কৰি আহিছে।
কৌতূহলপ্রিয় শিশুমনৰ লগত সংগতি ৰাখি শিশু-সাহিত্যৰ সৃষ্টি কৰিব পৰাটো সহজ নহয়। এই কাৰ্যত সফল হ’লে শিশুহঁতৰ চৰিত্ৰ গঠন আৰু আদৰ্শ গঠনত সহায়ক হয়। শিশু মনস্তাত্ত্বৰ বিষয়ে জ্ঞান আহৰণৰ বাবে শিশু সাহিত্যৰ ৰচকৰ দৰকাৰ হয় প্রচুৰ অভিজ্ঞতাৰ। শিশুৰ বাবে উপযোগী বিষয়বোৰ, উপদেশবোৰ পোনে পোনে নকৈ কিছু আৰ্হি, ঘটনা বা উদাহৰণৰ সহায়ত সিহঁতৰ বিশ্বাসযোগ্য চৰিত্র বা পৰিৱেশৰ মাধ্যমত ক’ব পাৰিলে লেখকৰ উদ্দেশ্য সফল হয়।
গ্রন্থ অধ্যায়নে শিশুৰ মনত গভীৰ সাঁচ অংকিত কৰে। ধীৰে ধীৰে এই সাঁচে শিশুক গভীৰ জ্ঞান লাভৰ দিশত আগ্ৰসৰ হ’বলৈ প্ৰেৰণা দিয়ে। দেশকাল, অতীত-বর্তমান, জ্ঞান-বিজ্ঞান, তথ্য প্রযুক্তি সকলো দিশৰ জ্ঞান শিশুৱে গ্ৰন্থৰ পৰা আহৰণ কৰিবলৈ সমর্থ হয়। লগতে ভাষাৰ শুদ্ধতা বাঢ়ে।
বিভিন্ন ইলেক্ট্রনিক মাধ্যমৰ প্রভাৱত আজিৰ শিশুৰ সাহিত্য তথ্য গ্রন্থ অধ্যয়নৰ স্পৃহা কমি গৈছে। আজিৰ শিশু কাইলৈৰ নাগৰিক। আমাৰ অগ্রজসকলে শিশুৰ বাবে সাহিত্য ৰচনাৰ চেষ্টাত ব্ৰৰ্তী আছিল। আজিও বহু মান্যবৰ লেখকে এই কামত ব্ৰতী হৈ আছে। কিন্তু অভিভাৱকসকল সচেতন নহ’লে লেখকসকলৰ শ্ৰম আৰু উদ্দেশ্য এটাও সফল হ’ব নোৱাৰে। প্ৰতিযোগিতাৰ দোহাই দি কেৱল পাঠ্যপুথিৰ মাজত শিশুসকলক বান্ধি ৰাখিলে সিহঁতৰ জ্ঞানৰ পৰিসৰ সংকুচিত হয়।
গ্ৰন্থৰ শক্তি সকলো শক্তিতকৈ অধিক শক্তিশালী। এটি শিশুৰ সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ গ্ৰন্থ সক্ষম। বিভিন্নজনৰ জ্ঞানৰ পোহৰেৰে মহিয়ান হোৱাৰ সুবিধা শিশুৱে গ্ৰন্থৰ পৰাই পাব পাৰে। মহান ব্যাক্তিসকলৰ জীৱনীয়ে ব্যক্তিসকলক গ্ৰন্থৰ প্ৰভাৱৰ কথা আমাক সোঁৱৰাই দিয়ে। বেঞ্জামিন ফ্ৰেংকলিনে দহ বছৰ বয়সতে স্কুলীয়া শিক্ষা শেষ কৰিবলগীয়া হোৱা স্বত্বেও গ্ৰন্থ অধ্যয়নৰ যোগেদিয়ে চাৰিটাকৈ ভাষা শিকাৰ উপৰি ফ্ৰান্সৰ প্ৰথম ৰাষ্ট্ৰীদূত পদত অধিস্থিত হৈছিল। বৈজ্ঞানিক হিচাপে ইতিহাসত সোণালী নাম খোদিত কৰিছিল ‘ডক্টৰেট’ উপাধি লাভ কৰিছিল আৰু প্ৰসিদ্ধ লেখক হ’ব পাৰিছিল। এনে অনেক উদাহৰণে শিশুৰ মানসিক উৎকৰ্ষত শিশু গ্ৰন্থৰ প্ৰভাৱৰ কথা আমাক জানিবলৈ দিয়ে।
বৰ্তমান সময়ত যেনেদৰে অভিভাৱকসকলৰ সচেতনতাৰ দৰকাৰ তেনেদৰে সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে লেখকসকলৰো। কিয়নো সন্তানৰ বাবে পুষ্টিকৰ খাদ্যৰ যেনেকৈ দৰকাৰ তেনেদৰে লেখকসকলেও বৰ্তমান যুগৰ পৰিৱৰ্তন আৰু শিশু মনৰ ৰুচি-অভিৰুচিলৈ লক্ষ্য ৰাখি গ্ৰন্থ লিখাৰ অতি প্ৰয়োজন হৈ পৰিছে।
প্ৰকাশকসকলো এই ক্ষেত্ৰত আগবাঢ়ি আহি শিশুগ্ৰন্থ প্ৰকাশৰ বাট প্ৰশস্ত কৰাৰ প্ৰয়োজন। শিশুমনৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি কিছু ছবি সন্নিৱিষ্ট কৰি উৎকৃষ্ট শিশু ৰচনাৰ অতি প্ৰয়োজন হৈ পৰিছে। আমি যদি এই দিশত কিছু চিন্তা-চৰ্চাৰে শিশুৰ মাজত জাগৰণ সৃষ্টি কৰিব পাৰো তেনেহ’লে কাইলৈ আমি এক সংস্কাৰমুক্ত শান্তিৰ পৰিৱেশ আশা কৰিব পাৰো। শিশুৰ কোমল হৃদয়ত ৰ’দালি সিঁচিবলৈ আৰু তাৰ জৰিয়তে আমাৰ পৃথিৱীখন ভৱিষ্যতে সুন্দৰ কৰিবলৈ ইয়াতকৈ ডাঙৰ উপায় হয়তো নাই।