শিলচৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Pc Northeast Now

শিলচৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি শিলচৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্ত সমূহৰ কথা সদৰি কৰে। ৩১ মাৰ্চৰ ভিতৰত দিয়া হ’ব নতুন অৰুণোদয় হিতাধিকাৰী। ১০,৫৭,৫১৬ গৰাকীক দিয়া হ’ব অৰুণোদয়। মুঠ অৰুণোদয় হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী। ৭ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাচনি হ’ব হিতাধিকাৰী। ১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে। দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়। অহা বছৰত আৰু ৮ লাখ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য চৰকাৰৰ। শিলচৰত কেবিনেট বৈঠকৰ অন্তত এই কথা জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত ৩২২টা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ৩২ বছৰ পুৰণি প্ৰস্তাৱো অনুমোদন কেবিনেটত। ১৯৯০ চনত দিয়া প্ৰকল্পৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায় বুলি সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীত ৩খন নতুন উৰণীয়া সেতুৰ অনুমোদন কেবিনেটৰ। ডাউন টাউন, ফটাশিল, গড়চুকত হ’ব উৰণীয়া সেতু। ফটাশিল-কুমাৰপাৰা পইণ্টত হ’ব উৰণীয়া সেতু। সমগ্ৰ জিএছ ৰোড ট্ৰেফিক পইণ্ট বিহীন কৰাৰ পৰিকল্পনা লৈছে চৰকাৰে। গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব নতুন পথ। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনা চৰকাৰৰ। মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত লোৱা হয় আজিৰ কেবিনেটত।