শিক্ষানুষ্ঠানত শিক্ষক আৰু কৰ্মচাৰীসকল বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক

pc India

শিক্ষানুষ্ঠানত শিক্ষক আৰু কৰ্মচাৰীসকল বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক

অনলাইন বাৰ্ত্তাসেৱা- শিক্ষা বিভাগে ৰাজ্যৰ প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ বিদ্যালয় বন্ধ ৰাখিলেও শিক্ষানুষ্ঠানত শিক্ষক আৰু কৰ্মচাৰীসকল বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক কৰিছে। শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীয়ে এক নিৰ্দেশনাত উল্লেখ কৰিছে যে শিক্ষা বিভাগে এক পৰিপূৰক এছ অ’ পিযোগে ইতিমধ্যে দ্বাদশৰ পৰা স্নাতক, স্নাতকোত্তৰ শাখাৰ চূড়ান্ত বৰ্ষৰ পাঠদান তথা কাৰিকৰী শিক্ষানুষ্ঠানৰো চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ কৰিছে। কিন্তু চৰকাৰে প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ এতিয়াই পাঠদান আৰম্ভ কৰিব বিচৰা নাই। প্রথম শ্রেণীৰ পৰা একাদশ শ্ৰেণীলৈ পাঠদান আৰম্ভ নহয় তথাপি শিক্ষানুষ্ঠানৰ সকলো শিক্ষক, কৰ্মচাৰী শিক্ষানুষ্ঠানত উপস্থিত থাকিব লাগিব। বাধ্যতামূলকভাৱে তেওঁলোক বিদ্যালয়ত উপস্থিত থকাৰ লগতে অনলাইন বা ভার্চুৱেল মাধ্যমৰ জৰিয়তে বিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্রীসকলক পাঠদান কৰাব লাগিব। বিদ্যালয়ত পাঠদান নহ’লেও শিক্ষক, শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ উপস্থিতি বাধ্যতামূলক কৰা বিষয়টো বিশেষ তাৎপর্যপূর্ণ বিবেচিত হৈছে। শিক্ষক, শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকল বিদ্যালয়ত উপস্থিত আছেনে নাই সেই দিশটো চোৱা-চিতাৰ বাবে সমগ্র শিক্ষা অভিযান, অসমক দায়িত্ব অৰ্পণ কৰা হৈছে। প্ৰতিটো সপ্তাহত সমগ্ৰ শিক্ষা অভিযানৰ জিলা সমন্বয়কে বিদ্যালয়ত শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ উপস্থিতিৰ প্ৰতিবেদন প্ৰদান কৰিব লাগিব। যিসকল শিক্ষক, কর্মচাৰীয়ে এতিয়ালৈ কোভিড ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোককো তিনিদিনৰ ভিতৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিব। অৱশ্যে গৰ্ভৱতী শিক্ষয়িত্রী বা কৰ্মচাৰী আৰু যিসকলৰ তিনি বছৰ বা তাতকৈ সৰু শিশু আছে তেওঁলোক বিদ্যালয়ত উপস্থিত থকাৰ প্রয়োজনীয়তা নাই ৷

(RT)