শাৰদীয় ব্যস্ততা – ময়ূৰাক্ষী গগৈ

pc Twitter
শাৰদীয় ব্যস্ততা
ময়ূৰাক্ষী গগৈ
শৰত আহিল, শেৱালি ফুলিল।
দুবৰিত ধৰা দিলে নিয়ৰৰ টোপালে,
কঁহুৱাই শুৱনি কৰিলে নৈৰ পাৰ।
শাৰদীয় দেৱীৰ আগমনে
ধৰাত সিঁচে আনন্দৰ বতৰা।
সকলো ফালে উৎসাহ হীন ব্যস্ততা
দেৱীক আদৰিবলৈ।
নাই পূজাৰ বেলুন, পুতলা,
নাই বন্দুক,পেঁপাৰ মাত।
জেলেপিৰ গোন্ধে মলমলাই
তোলা নাই পূজা মণ্ডপৰ দোকানবোৰ।
মাথো ধৰ্মীয় পৰম্পৰাৰেহে দেৱীৰ আৰাধনা।
সকলো হেঁপাহ সকলো আনন্দ
বিসৰ্জন দিব লগা হৈছে
এটি মাথো বিন্দু সম ভাইৰাছ
কৰোনাৰ বাবে।