শাওন মাহৰ ব’লবম যাত্রা- ৰাজলক্ষ্মী বৰঠাকুৰ

pc assam.news18.com

শাওন মাহৰ ব’লবম যাত্রা

এতিয়া পবিত্র শাওন মাহ। বলব’মৰ বতৰ ৷ এই শাওন মাহৰ প্ৰতিটো সোমবাৰে মহাদেৱৰ পূজা অর্চনাৰ বাবে ভক্তসকলে কোনাে নদ-নদীৰ পানী টেকেলীত বা তেনে জাতীয় পাত্ৰত ভৰাই কান্ধত ভাৰ কৰি কঢ়িয়াই নি অতি পৱিত্ৰতাৰে পুৱা কোনাে শিৱ মন্দিৰৰ শিৱলিংগত অৰ্পণ কৰি সেৱা জনাই মহাদেৱৰ আশীষ ভিক্ষা কৰে। শাওন মাহটো শিৱৰ পবিত্র মাহ বুলি কোৱা হয়। প্রতিটো সোমবাৰে বেলপাত, গাখীৰ আৰু পানী ভক্তি ভাবে শিৱ লিংগত দি পূজা অর্চনা কৰিলে মনৰ কামনা পূৰণ হয় বুলি কোৱা হয়। এই শাওন মাহতে সাগৰ মন্থন কৰোতে ওলোৱা বিহ পান কৰি জগতক ৰক্ষা কৰিবলৈ মহাদেৱ নিলকন্ঠ হৈছিল। মহাদেৱ বিহ মুক্ত হবলৈ সমগ্র দেৱ -দেৱীয়ে তেওঁৰ শিৰত আৰু দেহত গাখীৰ আৰু পানী ঢালিছিল । তেতিয়াৰ পৰাই শিৱক জ্বলাভিষেক কৰা হয়। কোনো পবিত্র নদীৰ পৰা পানী আনি খালি ভৰিৰে শিৱৰ লিংগত জল প্রদান কৰিলে মনোকামনা পূৰণ হয় বুলি ধাৰণা কৰা হয়। এই কাৰণে শাওন মাহত ব’ল ব’ম… . ব’ল ব’ম কৰি পবিত্র নদীৰ পৰা খোজ কাঢ়ি পানী আনি শিৱৰ লিংগত দিয়ে।
ঔঁ নম: শিৱাই

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয়