শাওন মাহত গোলাঘাটৰ পাঁচ আলিস্থিত ঐতিহাসিক শিৱ মন্দিৰত শতাধিক ভক্তৰ জলভিষেক

শাওন মাহত গোলাঘাটৰ পাঁচ আলিস্থিত ঐতিহাসিক শিৱ মন্দিৰত শতাধিক ভক্তৰ জলভিষেক

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ পাঁচ আলিস্থিত শিৱ মন্দিৰটি ৰজাদিনীয়া শিৱ মন্দিৰ, জানিবলৈ পোৱা মতে এই মন্দিৰ ১৯০১ চনত ৰাইজে পুনৰ ভালকৈ স্থাপন কৰে যদিও এই মন্দিৰ ৰজাদিনীয়া বুলি মুখে মুখে চলি আহিছে। এনে এটি মাহাত্ম্য থকা শিৱ মন্দিৰত পুৱা শাওঁতাল চাহ বাগিছাৰ ৰাইজ পৰম্পৰাগত পোচাক পৰিধান কৰি ঘাটৰ পৰা পানী তুলি আনি অতি শাত্তিক ভাৱে শিৱলিংগত জলভিষেক কৰে। শাওনৰ প্ৰথম দিনটোত মন্দিৰটিত অগণন ভক্তৰ সমাগম ঘটে। মন্দিৰটিৰ পুৰুহিত পৰাগ শৰ্মাই জানিবলৈ দিয়া মতে এই শাওন মাহটোত মন্দিৰটিলৈ ভক্তৰ সোঁত বয়। বিশেষকৈ শাওনৰ প্ৰতি সোমবাৰে অগনন ভক্তৰ আগমনে মন্দিৰ প্ৰাঙ্গন মুখৰিত হৈ থাকে।