‘শতদল’ৰ উদ্যোগত মহিলাৰ আৰ্থিক সৱলীকৰণৰ প্ৰশিক্ষণ

‘শতদল’ৰ উদ্যোগত মহিলাৰ আৰ্থিক সৱলীকৰণৰ প্ৰশিক্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা–  অসমৰ অন্যতম অগ্রণী স্বেচ্ছাসেৱী সামাজিক, সাংস্কৃতিক অনুষ্ঠান ’শতদল’ৰ উদ্যোগত মহিলাৰ আৰ্থিক সৱলীকৰণৰ বাবে এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ হেঙেৰাবাৰী হাউছিং কলনীস্থিত ৰামধেনু কলা-কেন্দ্ৰত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰায় ২৫ গৰাকী মহিলাক আচাৰ, চৰ্বত, জাম-জেলী ইত্যাদি প্ৰস্তুতকৰণৰ জড়িয়তে কেনেদৰে লাভজনক ব্যৱসায় গঢ়ি তুলিব পাৰি এই সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। ’শতদল’ৰ কাৰ্যকৰী সভাপতি পুতলী কায়স্থই আঁত ধৰা এই অনুষ্ঠানত মহিলা সকলক জাম-জেলী, আচাৰ, চৰবত আদি প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ আগবঢ়ায় কামধেনু ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰ তথা বিশিষ্ট উদ্যোগী মহিলা মালামণি হাজৰিকাই। অনুষ্ঠানত ’শতদল’ৰ উপ সভাপতি নন্দিতা বৰঠাকুৰ, যুটীয়া সম্পাদক মুনু বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিষয়ববীয়া, সদস্য উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।