লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰক পাকিস্তানৰ নতুন সেনা প্ৰধান হিচাপে মনোনীত

Pc Rediffmail

ৰঙিলী বাৰ্ত্তাসেৱা- পাকিস্তান চৰকাৰে বৃহস্পতিবাৰে জেনেৰেল কামাৰ জাভেদ বাজৱাৰ স্থানত লেফটেনেণ্ট জেনেৰেল অসীম মুনিৰক দেশৰ নতুন সেনা প্ৰধান (চিঅএএছ) হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। তথ্য মন্ত্ৰী মাৰিয়ুম ঔৰঙ্গজেবে এই সন্দৰ্ভত কয় যে, “প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে তেওঁৰ সাংবিধানিক অধিকাৰ ব্যৱহাৰ কৰি লেফটেনেণ্ট জেনেৰেল চাহিৰ চামশাদ মিৰ্জাকো যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ (চিজেচিএছচি) অধ্যক্ষ হিচাপে নিযুক্তি দিছে। এই নিযুক্তিৰ সাৰাংশ অনুমোদনৰ বাবে ৰাষ্ট্ৰপতি আৰিফ আলভিলৈ প্ৰেৰণ কৰা হৈছে।” ইপিনে, মিত্ৰশক্তিৰ দলসমূহে অসীম মুনিৰক শীৰ্ষ স্থানৰ দায়িত্ব অৰ্পণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে নিযুক্তিৰ ক্ষেত্ৰত এক ফেডাৰেল কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পিছতহে এই সিদ্ধান্ত ঘোষণা কৰা হয়। এই পদৰ বাবে বাছনি কৰা দুয়োজন বিষয়াই জ্যেষ্ঠতম সামৰিক বিষয়া আছিল।