প্ৰবীণ অভিনেতা বিক্ৰম গোখালেৰ স্বাস্থ্যৰ অৱনতি

Pc hindustan times

ৰঙিলী বাৰ্ত্তাসেৱা- বলীউড আৰু মাৰাঠী মঞ্চ, চিনেমা আৰু টিভি জগতৰ প্ৰবীণ অভিনেতা বিক্ৰম গোখালেৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ বিগত কিছুদিনৰ পৰা হাস্পতালত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰে সন্ধিয়াৰ ভাগত স্বাস্থ্যৰ অধিক অৱনতি ঘটে ৷ ৭৭ বছৰীয়া অভিনেতাজনে যুঁজিছে জীৱন-মৃত্যুৰে সৈতে । একাধিক ৰোগত আক্ৰান্ত হৈ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা গোখালেৰ স্বাস্থ্য সম্পৰ্কত শেহতীয়াকৈ জীয়েকে জানিবলৈ দিয়া মতে, তেওঁ বৰ্তমানে সংকটজনক অৱস্থাত আছে ৷ লাইফ চাপো’ৰ্ট চিষ্টেমত জীয়াই আছে তেওঁ ৷ জীয়েকে লগতে সকলোকে আহ্বান জনাইছে যে এনেকুৱা কঠিন মুহূৰ্তত উৰা বাতৰি নিবিয়পাই পিতৃৰ স্বাস্থ্যৰ উন্নতিৰ বাবে যাতে সকলোৱে প্ৰাৰ্থনা জনায় ভগৱানৰ ওচৰত ৷ প্ৰাপ্ত খবৰ অনুসৰি, বিগত ১৫ দিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ থকা অভিনেতাজনৰ বুধবাৰৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পিছতে নানা ধৰণৰ উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে ৷ মৃত্যুৰ বাতৰিয়ে ছ’চিয়েল মিডিয়াত তোলপাৰ লগাবলৈ আৰম্ভ কৰে ৷ বহুতে আনকি অভিনেতাজনক শেষ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰে ৷