লেখিকা সংস্থা অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য সামগ্ৰী বিতৰণ

লেখিকা সংস্থা অসমৰ বানাক্ৰান্তলৈ সাহাৰ্য সামগ্ৰী বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  লেখিকা সংস্থা, অসমৰ এটি সঁজাতি দলে আজি গুৱাহাটীৰ পৰা গৈ মৰিগাঁও জিলাৰ বাচনাঘাটৰ বিলবমুৰা নামৰ ঠাইত বানাক্ৰান্ত ৰাইজৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণ কৰে। লেখিকা সংস্থা অসমৰ দলটোৱে প্ৰায় ডেৰশ পৰিয়ালৰ মাজত চাউল, দাইল, চিৰা, মুৰি, বিস্কুট, নিমখ, আলু, চয়াবিন , পানীৰ বটল, চেনিটাৰি নেপকিন, চাবোন, কাপোৰ আদি বিভিন্ন দৰকাৰী সামগ্ৰী বিতৰণ কৰে। লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাৰ নেতৃত্বত আৰু প্ৰধান সম্পাদিকা বিজয়া দেৱ দাসৰ তত্বাৱধানত যোৱা দলটিৰ লগত মধ্য অসমৰ সহকাৰী সম্পাদিকা ৰীনা ৰাণী শইকীয়াই সহযোগিতা আগবঢ়াই। গুৱাহাটীস্থ শাখা সমূহৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় সহকাৰী সম্পাদিকা ত্ৰিবেণী মজুমদাৰ, পূব গুৱাহাটী শাখাৰ নমিতা দাস, দিছপুৰ শাখাৰ সম্পাদিকা নিজৰা জান্নাত, কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা মৃনালী ভৰালী, আইদেউ সন্দিকৈ শাখাৰ ভাগ্য মহন্ত আৰু আই পদ্মাপ্ৰিয়া বঁটাৰে সন্মানিত কুসুম বৰুৱা উপস্থিত থাকি সামগ্ৰী সমূহ বিতৰণ কৰে। মৰিগাঁও জিলাৰ সমাজসেৱক তথা জিলা আইনসেৱা প্ৰাধিকৰণৰ পি,এল,ভি তথা উদীয়মান সাংবাদিক ভৰত কুমাৰ নাথ আৰু বাচনাঘাট ঔজাৰী গাঁৱৰ লাট গাওঁ প্ৰধান কামেশ্বৰ বৰদলৈয়ে প্ৰতিনিধি দলটিৰ লগত থাকি গাঁৱৰ ৰাইজক সামগ্ৰী বিতৰণত সহায় কৰে। উক্ত গাঁৱৰ বানাক্ৰান্ত ৰাইজে লেখিকা সংস্থা, অসমৰ সজাটি দলটিৰ এনে প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।