বৰ্ষাশ্ৰীক মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

বৰ্ষাশ্ৰীক মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ মুক্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছে জয়ানগৰস্থিত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত  ২ঘণ্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ মহানগৰীৰ বিভিন্ন প্ৰাপ্তৰ শতাধিক মহিলাই অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত মূলত বৰ্ষাশ্ৰীক মুক্তি দিয়ক, জনগণৰ কণ্ঠ ৰোধ কৰা নচলিব, নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ ৰক্ষা কৰক, বাকস্বাধীনতা হৰণ কৰা নচলিব, তৃণমূল মহিলা কংগ্ৰেছ জিন্দাবাদ আদি শ্ল’গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷ এইখন চৰকাৰৰ এজন মন্ত্ৰীয়ে আলফাৰ ওচৰত ক্ষমা খুজি আজিও মন্ত্ৰী হৈ থাকিল, কিন্তু এজনী কলেজীয়া ছাত্ৰীক কবিতা লিখাৰ বাবে কাৰাগাৰত বন্দী কৰি থয়৷ কবিতা লিখি যদিহে অপৰাধ কৰিছিল তেন্তে কমবয়সীয়া ছাত্ৰীগৰাকীক কাউন্সিলিং কৰাৰ প্ৰয়োজন আছিল৷ কিন্তু সেয়া নকৰি ছাত্ৰীগৰাকীক কাৰাগাৰত ভৰাই থোৱাটো গণতন্ত্ৰৰ পৰিপন্থী৷ সেয়েহে তৃণমূল মহিলা কংগ্ৰেছে বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক বন্দী কৰি অন্তৰশূন্য মুখ্যমন্ত্ৰীয়ে নিষ্ঠুৰতাৰ পৰিচয় দিছে৷ চৰকাৰৰ মনুষ্যত্বহীনতা, ক্ৰূৰতাপূৰ্ণ আচৰণৰ ফলত এগৰাকী ছাত্ৰীয়ে কাৰাগাৰাত পৰীক্ষাত বহিবলগীয়া হোৱাটোৱে জাতিটোৰ বাবে বিড়ন্বনা৷ চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ কাৰোবাক পোতাশালত নিক্ষেপ কৰি আভুৱা ভৰা কাৰ্য আৰু পোতাশালত বন্দী কৰি অতি দৰিদ্ৰ ঘৰৰ সন্তানৰ ভৱিষ্যত ধ্বংস কৰিব খোজা বিজেপিৰ এনে নিকৃষ্ট কাণ্ডক অসম তৃণমূল মহিলা কংগ্ৰেছে মানি নলয়৷