লিখিলোঁ এটি মৃত কবিতা-ৰীমা শইকীয়া বৰা

Pc-medicalnewstoday

লিখিলোঁ এটি মৃত কবিতা

কবিতা লিখিম বুলি
শব্দবোৰ বিচাৰি চালোঁ
নাই, শব্দৰ কোঠালি অন্ধকাৰ
অভিধান খন মেলি বিচাৰি চালোঁ শব্দ
নাই নাপালোঁ কোনো শব্দ
পালোঁ মাথোঁ মৰা শ।
আকৌ এবাৰ শব্দৰ মাজত সোমাই
শব্দবোৰ জুকীয়াই চালোঁ
পালোঁ মাথোঁ কেইটামান অৰ্ধজীৱিত শব্দ
ঝৰ ঝৰ কৈ খহি পৰিল শব্দৰ অট্টালিকা
শেষ হৈ গল শব্দবোৰ
বানত উটি যোৱাৰ দৰে উটি গল শব্দবোৰ
বিদেশী সংস্কৃতিৰ প্ৰলয়ঙ্কাৰি বানত
শব্দবোৰৰ মৃত্যু হল
শূন্য শব্দ শূণ্য অভিধান।

বিচাৰি ললোঁ অন্য কেইটিমান শব্দ
লিখিব ললোঁ এটা মৃত কবিতা
শব্দবোৰৰ মৃত্যু হল বাবেই
লিখিলোঁ এটি মৃত কবিতা

ৰীমা শইকীয়া বৰা