লাহোৱাল গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত নেওগ দেৱক পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ

pc Facebook
লাহোৱাল গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত নেওগ দেৱক পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ
অনলাইন বাৰ্ত্তাসেৱা – কিছুদিন পূৰ্বে বৈকুণ্ঠপৰায়ণ হোৱা লাহোৱাল গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দিগন্ত নেওগ দেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতক পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মাননীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ৷ তেখেতৰ লগত উপস্থিত থাকে বিধায়ক শ্ৰী বিনোদ হাজৰিকা, প্ৰাক্তন বিধায়ক শ্ৰী ৰিতুপৰ্ণ বৰুৱা, কৃপাকান্ত গগৈ আৰু তেওঁলোকে শোকবিহ্বল পৰিয়ালটিৰ সদস্য সকলৰ দুখৰ সমভাগী হৈ পৰিয়ালটিক এই শোকৰ সাগৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। প্ৰয়াত নেওগ দেৱৰ স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা আত্মীয় স্বজনক গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে।