লাচিত ঘাটৰ ষট্ পূজাত  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত

লাচিত ঘাটৰ ষট্ পূজাত  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ষট্ পূজাৰ পৱিত্ৰ ক্ষণত সহস্ৰাধিক ভক্তিপ্ৰাণ লোকৰ উপস্থিতিৰে মুখৰ লাচিত ঘাট আৰু শুক্ৰেশ্বৰ ঘাটত উপস্থিত হয় আৰু সূৰ্যদেৱতা তথা ষট মায়াৰ প্ৰতি ভক্তিভৰা সেৱা আগবঢ়ায়। অগণন লোকক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণত কয়, ‘আমাৰ পাঁচহাজাৰ বছৰীয়া সভ্যতা-সংস্কৃতিয়ে বিশ্ববাসীক বসুধৈব কুটুম্বকমৰ দৰ্শনেৰে মাৰ্গদৰ্শন কৰি আহিছে। ষট্ পূজা এই সনাতন সংস্কৃতিৰে এক অবিচ্ছেদ্য সূর্যদেৱতা আৰু ষষ্ঠ মায়াই সকলোৰে মনোকামনা পূৰণ কৰক আৰু আটাইৰে জীৱন সুখ-শান্তি, সমৃদ্ধিৰে উপচি পৰক, তাৰেই কামনা কৰিছোঁ। দেশ তথা সমাজৰ বাবে আমি যাতে নিৰৱচ্ছিন্ন আৰু সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ শক্তি লাভ কৰোঁ, তাৰ বাবে উপাস্য দেৱ-দেৱীৰ শ্ৰীচৰণত নতশিৰে সেৱা জনাইছোঁ।’