অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত ফ্লাইৱেট (৪৮-৫১ কিলোগ্ৰাম) প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ পাছত ভাৰতৰ ছয়বাৰকৈ বিশ্ব চেম্পিয়ন বক্সাৰ মেৰী কমে মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ছেমি ফাইনেললৈ অগ্ৰসৰ হৈ পদক অৰ্জন কৰাৰ বাবে সতীৰ্থ ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাঁইক অভিনন্দন জ্ঞাপন কৰে। মেৰী কমে লভলিনাৰ সৈতে এখন ফটোৰ সৈতে এনেদৰে টুইট কৰি লিখে, “আপোনাৰ আগন্তুক বাউটৰ বাবে মোৰ শুভেচ্ছা”।
(UD.)