লখৰাত শিশু থিয়েটাৰ কৰ্মশালা

লখৰাত শিশু থিয়েটাৰ কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ লখৰাৰ ডি শৰ্মা কালচাৰেল একাডেমীৰ উদ্যোগত আৰু নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত শনিবাৰে বেতকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ মঞ্চত এখন এমহীয়া শিশু থিয়েটাৰ কৰ্মশালা শুভাৰম্ভ কৰা হয়৷উক্ত কৰ্মশালা উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক,অভিনেত্ৰী পূৰ্ণিমা শইকীয়াই৷কৰ্মশালাত প্ৰায় একৈশজন শিশুৱে ভাগ লয়৷স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশৰ অবন্দিত স্বাধীনতা যুঁজাৰু সকলৰ প্ৰচাৰৰ বাবে ৮ বছৰ বয়সৰ পৰা ১৫ বছৰ বয়সলৈ শিশু সকলৰ মাজত প্ৰডাকচন ওৰিয়েন্টেড এমহীয়া নাট কৰ্মশালা পৃষ্ঠপোষকতা কৰে৷কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত নিকেতনৰ প্ৰধানাচাৰ্য ডা° দিনেশ কলিতা,হেমেন কুমাৰ শৰ্মা,কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক ৰাজীৱ কুমাৰ সাউদ,নাট্যকৰ্মী শিৱ প্ৰসাদ নাথ,ধীৰাজ কুমাৰ,বংকিম তালুকদাৰ,মনোজ শৰ্মা উপস্হিত থাকে৷গোটেই অনুষ্ঠানটো আঁত ধৰে ডি শৰ্মা কালচাৰেল একাডেমীৰ সম্পাদক অঞ্জন শৰ্মাই৷উল্লেখ্য,কৰ্মশালাৰ অন্তত ২৪ মাৰ্চত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্হিত শ্ৰীশ্ৰী মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহত মুক্তি যুঁজাৰু প্ৰয়াত হংসনাথ দেৱ শৰ্মাৰ ওপৰত এখনি নাট্য প্ৰদৰ্শন কৰা হ’ব৷