যোৰহাট কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- অনিমেষ ভূঞাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হৈছে যদিও এতিয়ালৈকে ৰিপোৰ্ট অহা নাই।কিন্তু প্ৰাথমিক তদন্ত অনুসৰি জানিব পৰা মতে, শৰীৰৰ গোপন অংশত আঘাত কৰাৰ বাবেই মৃত্যু হৈছিল অনিমেষৰ।ইফালে যোৰহাট কাণ্ডক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।মুখ্যমন্ত্ৰী শৰ্মাই কয় যে,নিজৰ মানুহেই নিজৰ মানুহক এনে কৰা কাৰ্য অতিকৈ গৰিহণাৰ যোগ্য।ট্ৰেফিক আৰক্ষী দুজনে অনিমেষক ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল।অনিমেষ ভূঞালৈ ৰাজ্য চৰকাৰে সমবেদনা জ্ঞাপন কৰিছে।তেওঁৰ শোকসন্তপ্ত পৰিয়াললৈ ৫ লাখ টকাৰ সাহাৰ্য ৰাজ্য চৰকাৰে প্ৰদান কৰিছে।ইতিমধ্যে ১৩ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অহা ১ মাহৰ ভিতৰত বিশেষ ফাষ্টট্ৰেক আদালতত দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ’ব।