“যোগ দিৱস আৰু আমি” – পাপৰি কন্দলী

pc-shapemagazine

যোগাভ্যাস হৈছে এনে এটা প্ৰণালী যাৰ দ্বাৰা সন্তুলিত ভাৱে  আমাৰ অন্তৰ্নিহিত শক্তিৰ উত্কৰ্ষ তথা বিকাশ সাধন হয়। এই যোগাভ্যাসৰ মূখ্য উদ্দেশ হৈছেশাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পুনঃস্থাপন আৰু সংবৰ্ধন। যোগাভ্যাসে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু স্বাস্থ্যকৰ জীৱন গঢ দিয়াত সহায় কৰে; আমাৰ মন, শৰীৰ, আত্মাৰ এক অভূতপূৰ্ব সমন্বয় প্ৰতিফলিত কৰে। এই যোগাভ্যাসৰ উপকাৰীতাৰ ফালৰ পৰা আমি আমাৰ মেৰুদণ্ড বিস্তাৰিত হোৱা, কলাফুল, কঁকালৰ মাংসপেশী শক্তিশালী হোৱা, হাওঁফাওঁৰ ক্ষমতা বঢ়া, ভৰিৰ তলুৱাৰ যিকোনো যিকোনো বিষ বোমাৰৰ পৰা হাত সৰা ইত্যাদি বহুতো উপসৰ্গৰ পৰা পৰিত্ৰাণ পাব পাৰো। মুঠতে শৰীৰ আৰু মনৰ পুষ্টিৰ বাবে যোগাসন অতি দৰকাৰী।

বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰিলে আমি দেখো প্ৰত্যেক ঘৰৰ নাৰীসকল যোগাভ্যাস কৰি বহুখিনি উপকৃত হৈছে। এই “যোগ দিৱস” নতুন মাধ্যম নহয় যে ই কিছুমান নিৰ্দিষ্ট মানুহৰ বাবেহে। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সলৈকে কৰিব পাৰে। মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কব পাৰো যে মই এই যোগাসন কৰিবলৈ  লোৱাৰ পৰা মোৰ শৰীৰৰ, মনৰ বহুখিনি উপকৃত হৈছো।

আৰু শেষত মই সকলোকে অনুৰোধ জনাওঁ যে সকলোৱেই এই যোগাসনৰ গুৰুত্ব বুজি পূৱা, গধূলি দিনটোত এবাৰ অকনমান সময় উলিয়াই যোগাসন কৰে যেন।

Papori Kondoli
Dergaon Town,
Mojadar Ali Road
Phone Number : 8822614206