যুদ্ধ আৰু সাহিত্য- পুলিন ডেকা

pc all About English Literature

যুদ্ধ আৰু সাহিত্য

দুখনকৈ বিশ্বযুদ্ধই যাৰ চিন্তা, বৌদ্ধিক সত্ত্বাক আলোড়িত কৰিছিল, সেইগৰাকী ন’বেল বঁটা প্ৰাপক সাহিত্যিক বােট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেলে যুদ্ধৰ ভয়ংকৰ স্বৰূপ সাহিত্য মাজেৰে উদ্ভাষিত কৰি গৈছে। তেওঁ কৈছিল যুদ্ধই সিদ্ধান্ত দিব নোৱাৰে কোন সঠিক নাইবা কাক আমি হেৰুওৱাব লাগিব। আধুনিক বিশ্বৰ যুদ্ধৰ মূল কাৰণ হৈছে কোন গৰাকী নেতাই যুদ্ধক সমৰ্থন কৰে তেওঁহে যুদ্ধৰ সূচনা কৰিব পাৰে। কম সংখ্যক নেতা আছে, যিয়ে শান্তি বিচাৰে। ৰাছেলে আধুনিক বিশ্বযুদ্ধৰ প্ৰৱল বিৰোধিতা কৰিছিল আৰু তেওঁ ধ্বংসযজ্ঞ সৃষ্টি হোৱাৰ সপেক্ষে নাছিল। আধুনিক যুগৰ সভ্য মানুহে দুই প্ৰকাৰৰ সমস্যাৰ সৈতে সংঘাতত লিপ্ত হৈছে। জ্ঞান আহৰণৰ বাবে প্ৰাকৃতিক শক্তিৰ ওপৰত নিয়ন্ত্ৰণ আহৰণ কৰিব বিচাৰিছে। সামগ্ৰী আৰু অস্ত্ৰ উৎপাদনৰ বাবে দক্ষতাৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰিছে। যুদ্ধ সম্পৰ্কীয় সাহিত্যই আৱেগ-বুদ্ধিমত্তা আৰু জীৱন-মৃত্যুৰ মাজত সীমাবদ্ধ থাকে। সাহিত্যই যেতিয়া অধিক বৌদ্ধিক দিশলৈ গতি কৰে, তেতিয়া আৱেগ, অনুৰাগক অস্বীকাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ই অনুৰ্বৰ, নিস্ফল, নিৰ্বোধ দিশলৈ গতি কৰে কোনো ধৰণৰ বিষয়গত ৰূপ ধাৰণ নকৰাকৈ। সাহিত্যৰ যিবোৰ উপাদানে এগৰাকী লেখকৰ সৃষ্টিশীলতাক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে, সেই উপাদানসমূহৰ মাজত যুদ্ধৰ বিষয়বস্তু অন্যতম। যুদ্ধই অকল ধ্বংসাত্মক দিশেই প্ৰকট নকৰে। অৰ্থনীতি, সংস্কৃতি আৰু মানুহৰ আত্মিক সম্পৰ্কক নিশকতীয়া কৰি তোলে। সাহিত্যৰ ভেটিয়ে হৈছে সমাজ আৰু প্ৰাণীজগত। এখন যুদ্ধই যেতিয়া মানৱতাৰ বদ্ধভূমিলৈ ৰূপান্তৰিত কৰে, তেতিয়া এগৰাকী সৃষ্টিশীল লেখকে সেই ধ্বংসাত্মক স্বৰূপৰ মাজত নিহিত থকা আসুৰিক শক্তিক বিনাশ কৰাৰ মাজৰে শান্তিৰ অন্বষেণ আৰু পৰৱৰ্তী প্ৰজন্মৰ মাজত যুদ্ধ সম্পৰ্কত এক নেতিবাচক চিন্তাৰ বিয়পাই দি মানসিকতাৰ পৰিবৰ্তন সাধনৰ নিমিত্তে নিজকে নিয়োজিত কৰিব বিচাৰে। তেনে দৃষ্টিভংগীৰে গ্ৰীক, ৰোমান আৰু হিব্ৰু সংস্কৃতিৰ মাজত যিবোৰ সাহিত্যৰ সূচনা হৈছিল, তাৰ মাজত যুদ্ধৰ বিষয়বস্তুক লৈ সাহিত্যৰ উন্মেষ সাধন হোৱা দেখিবলৈ পোৱা যায়।
ধ্ৰুপদী যুগৰ পৰাই যুদ্ধই সমাজ জীৱনক পৰ্যুদস্ত কৰি আহিছে। মহাভাৰতৰ যুদ্ধৰ আলমতে সৃষ্টি হৈছিল ধ্ৰুপদী গ্ৰন্থ মহাভাৰত। যিয়ে মানৱ সমাজলৈ শান্তিৰ অনন্য বাৰ্তা প্ৰেৰণ কৰি গৈছে। আকাডিয়ানে লিখা চুমেৰিয়ান মহাকাব্য ‘গিলগামেছ’ত মহাকাবি্যক যুদ্ধৰ বৰ্ণনা কৰা হৈছে। যুদ্ধ-বিগ্ৰহৰ মাজেৰে সমাজ ৰূপান্তৰিত হৈ আহিছে। ধ্ৰুপদী যুগ আৰু মধ্যযুগত যুদ্ধৰ আধাৰত যিবোৰ সাহিত্যৰ সৃষ্টি হৈছিল, সেইবোৰ ৰাষ্ট্ৰৰ মাজত সংঘটিত হোৱা নাছিল। গোষ্ঠীবাদৰ আধাৰত যুদ্ধ সংঘটিত হৈছিল। হোমাৰৰ ‘ইলিয়াড’ এখন গ্ৰীক ষড়মাত্ৰিক মহাকাব্যিক কবিতা। ট্ৰজান যুদ্ধত নায়ক একিলিছে হেক্টৰক হত্যা কৰাৰ মাজেৰে ইয়াৰ আৱেদন মৰ্মস্পশী কৰি তুলিছে। আনহাতে ট্ৰজান যুদ্ধৰ আধাৰত ৰচিত ভাৰ্জিলৰ ‘ঐনিয়’ গ্ৰন্থই ঐতিহাসিক ৰোমান সাম্ৰাজ্যৰ পটভূমি তুলি ধৰে। ইউৰিপিডছে ‘ দ্যা ট্ৰজেন ওমেন’ৰ জৰিয়তে এথেনিয়ান ঔপনিৱেশিক শাসকৰ নিৰ্মম প্ৰতিচ্ছৱি এখন তুলি ধৰিছে। শ্বেইক্সপীয়েৰৰ ‘ হেনৰী ফাইভ’ দেখিবলৈ পোৱা যায় এজিনক’ৰ্ট’ যুদ্ধৰ বিভীষিকা। ঊনবিংশ শতিকাত যুদ্ধবিষয়ক সাহিত্যই চিন্তাৰ নতুন দিশ মুকলি কৰে। ‘ৱাটাৰলু’ যুদ্ধক লৈ ফৰাচী লেখক ষ্টেণ্ডহলছে লিখা ‘চাৰ্টাৰহাইছ অৱ পাৰ্মা’, ৰাছিয়াৰ নেপোলিয়নিক যুদ্ধক লৈ লিও টলষ্টয়ে লিখা ‘ ৱাৰ এণ্ড পিচ’, আমেৰিকাৰ গৃহযুদ্ধক লৈ ষ্টিফেন ক্ৰেনে লিখা ‘দ্যা ৰেড বেজ অৱ কাৰেজ’ আদি উপন্যাসৰ মাজেৰে যুদ্ধৰ ভয়াৱহতাৰ লগতে কেতবোৰ নৈতিক প্ৰশ্নও উত্থাপন কৰে। প্ৰেম, মৃত্যু, সময়, মানৱতাৰ আধাৰত এই শ্ৰেণীৰ সাহিত্যই বিশ্বজনীন ৰূপ ধাৰণ কৰিছে। যুদ্ধই সাহিত্যৰ ধাৰাক সলনি কৰি আহিছে। প্ৰথম বিশ্বযুদ্ধই ৰমন্যাসিক ধাৰাৰ সলনি কৰি এগৰাকী লেখকক আভ্যন্তৰীণ বিশ্বৰ সন্ধান কৰিবলৈ উৎসাহিত কৰে। প্ৰথম বিশ্বযুদ্ধৰ আলমত যিবোৰ সাহিত্যৰাজিৰ সৃষ্টি হৈছৈল, তাত যুদ্ধৰ ভয়াবহতা তথা যুদ্ধৰ নেতিবাচক প্ৰভাৱ সম্পৰ্কত আলোকপাত কৰা হৈছিল। এগৰাকী লেখকে সেই যুদ্ধত জড়িত থাকি লাভ কৰা অভিজ্ঞতাক বাস্তৱ পৃথিৱীলৈ নিব বিচাৰিছিল। দ্বিতীয় বিশ্বযুদ্ধই গোষ্ঠীবাদ, শক্তি, গণতন্ত্ৰ আৰু মানৱীয় আচৰণৰ ইত্যাদিক সম্প্ৰৰীক্ষা কৰাৰ দিশত সাহিত্যৰ জগতখনত নতুন ধাৰাৰ সূচনা কৰে আৰু এগৰাকী লেখকে বাস্তৱবাদৰ সন্ধান কৰাৰ পথ প্ৰশস্ত কৰে। যুদ্ধৰ আলমত সৃষ্টি হোৱা সাহিত্যক গভীৰভাবে পৰ্যালোচনা কৰিলে দেখিবলৈ পোৱা যায় নিৰীহৰ মৃত্যু, ভাতৃত্ববোধ আৰু সম্পৰ্ক, যুদ্ধৰ ভয়াৱহতা, ধৰ্মৰ সৈতে মোহভংগ, প্ৰকৃতি, যুদ্ধৰ অযৌক্তিকতা, আৱেগ আৰু অনুভৱক মূলগত বিষয়বস্তু হিচাপে লোৱা হয়। যুদ্ধৰ গ্ৰন্থসমূহে পাঠকৰ মনত এক অদ্ভ³ত শিহৰণৰ সৃষ্টি কৰে। ষ্টিফেন ক্ৰেনৰ ‘ দ্যা ৰেড বেজ অৱ কাৰেজ’ গ্ৰন্থখন ১৮৯৫ চনত প্ৰথম প্ৰকাশ পাইছিল। কিন্তু গ্ৰন্থখনৰ আৱেদনে পাঠকক আকৰ্ষিত কৰি অহাৰ বাবে আজিও ইয়াৰ প্ৰকাশ হৈ আছে। প্ৰথম বিশ্বযুদ্ধত লাভ কৰা অভিজ্ঞতাৰ ভেটিত আৰ্নেষ্ট হেমিংৱে লিখা ‘ এ ফেৱেৰৱেল টু আৰ্মাছ’, ভিয়েটনাম যুদ্ধক লৈ টিম অ’ ব্ৰিয়েনে লিখা ‘ দ্যা থিংকছ ডে কেৰিদ’ শীৰ্ষক উপন্যাসৰ জৰিয়তে যুদ্ধৰ বিভীষিকাই নহয়, মানৱতাবিৰোধী দিশসমূহ উদ্ভাষিত কৰা দেখা যায়। যুদ্ধ সম্পৰ্কত লিখা সাহিত্যৰাজিৰ মাজত শত্ৰুতাৰ বিষয়টোক বিশেষভাবে গুৰুত্ব আৰোপ কৰি এগৰাকী লিখকে চৰিত্ৰৰ সৃষ্টি কৰিব বিচাৰে। যুদ্ধৰ উদ্দেশ্য, বিশ্বাস, সাংস্কৃতিক মূল্যক তুলি ধৰি এগৰাকী সৈনিকৰ অভিজ্ঞতাক পটভূমি হিচাৰে লৈ অৱক্ষয়ৰ ছবি এখন অংকিত কৰিব বিচাৰে। যুদ্ধৰ সাহিত্যৰ মাজেেৰ মানৱ ইতিহাসৰ ক’লা মুহূৰ্ত্তবোৰ তুলি ধৰাৰ প্ৰয়াস দেখা যায়। ঐতিহাসিক দিনৰে পৰা আধুনিক মুক্ত যুদ্ধ বিষয়ক সাহিত্য পৰ্যালোচনা কৰিলে দেখা যায় যে লেখকসকলে এটা সুনিৰ্দিষ্ট বিষয় নিৰ্বাচিত কৰি এক সম্যক প্ৰতিচ্ছবি প্ৰকাশ কৰাৰ প্ৰয়াস চলাই আহিছে। মধ্যযুগৰ পৰা বিভিন্ন গ্ৰন্থত যুদ্ধৰ বিষয়ে, যুদ্ধৰ বাবে আৰু যুদ্ধৰ বিৰুদ্ধে লিখাৰ সময়ত এগৰাকী লেখকে যুদ্ধই এখন সমাজ,ৰাষ্ট্ৰ তথা বিশ্ব মানৱৰ সন্মুখত এনে এখন ছবি অংকনৰ প্ৰয়াস চলাই য’ত ভৱিষ্যত প্ৰজন্মই ইয়াৰ নেতিবাচক দিশসমূহ উদঘাটন কৰিব পাৰে। যুদ্ধ বিষয়ক যিকোনো সাহিত্যই যে নিখুঁত এক প্ৰতিচ্ছবি তুলি ধৰিব পাৰে, সেই কথা দৃঢ়তাৰে ক’ব পৰা নাযায়। যুদ্ধৰ লিখনিসমূহ একাধিক ৰূপত উদ্ভাষিত হয়। সমালোচনামূলক, আশ্বৰ্য বিষয়বস্তু, বিতৃষ্ণা, অপ্ৰকাশ্য বিষয়সমূহৰ প্ৰতিনিধিত্ব কৰাৰ লগতে ইতিহাসৰ এটা সময়ৰ দলিল প্ৰস্তুত কৰাৰ বাবেও লেখকসকলে প্ৰয়াস কৰে।

 

পুলিন ডেকা