যাক বিচাৰি ফুৰিছোঁ অথনিৰে পৰা
অথনিৰে পৰা
মই যাৰ অপেক্ষাত আছো
যাক বিচাৰি ফুৰিছোঁ
তেওঁ শূন্যতা নহয়
মাথো তেওঁ
সংগোপনে লালন কৰে
শূন্যতাৰ অসুখ
তেওঁ কবিতা নিলিখে
মাজে মাজে অংক কৰে
বাছৰ পৰা নামি
নীৰৱে ফুটপাথেৰে খোজ কাঢ়ে
তেওঁৰ ওঁঠত মৌনতাই ভিৰ কৰে
মোৰ অসুখ বাঢ়ে
তেওঁক মই হেৰুৱাব নোখোজোঁ
চকাছন্দা পোহৰত গৈ থাকোঁতে
তেওঁ বাট হেৰুৱাব খোজে
এতিয়া
মই তেওঁৰ কাষলৈ যাব খুজোঁ
অথনিয়েই তেওঁৰ ওঁঠৰ পৰা নিগৰা
এটা হাঁহিত
মই হৈ পৰিলোঁ উদ্ভ্ৰান্ত প্রেমিক
তেতিয়াৰে পৰা মই ৰৈ আছোঁ
তেওঁৰেই অপেক্ষাত
চ’তৰ লঠঙা ডাল এটা হৈ
তেওঁনো বাৰু ক’ত ওলমি আছে।
চোৱা চোৱা তেওঁৰ দুভৰিৰ তলুৱাত
ভালপোৱাৰ শিপা
মই তেওঁক উপহাৰ দিব খুজিছোঁ
বৰষুণত তিতা
এটা উজ্জ্বল ৰাতিপূৱা ।
প্ৰমোদ বৰা