যন্ত্ৰ মানৱ – ড০ ৰাস্না ৰাজখোৱা

pc GeekWire

যন্ত্ৰ মানৱ

সন্দেহ হয়
আমি প্ৰত্যকেই যেন
একো একোটা যন্ত্ৰ মানৱ
মেমৰিত স্থিৰ কৰি ৰখা প্ৰগ্ৰামানুসৰি
সময়ৰ লগত চলি আছে জীৱন
মন-গণিতৰ জটিল গণনাত
লাভ-লোকচানৰ মাজেৰে চলি থকা
আৱেগ, অনুভূতি, সহানুভূতিহীন
একোটা জীৱন
টিভি অথবা কিশোৰৰ এণ্ডªয়ড মোবাইল ফোনৰ স্ক্ৰীণত
ভাঁহি থকা কাৰ্টুন কেইটাৰ দৰে
দৌৰিব লাগে, দৌৰি আছো
কেৱল দৌৰি আছো
ভিৰৰ মাজতো ইমান নিসংগ আমি
নিস্তব্ধতাৰ মাজতো মন মগজুত
কিহৰ ইমান কোলাহল
ডিজিটেল যুগৰ আমি
পলকতে
সাত-সাগৰ সিপাৰৰ খবৰ নখ-দপৰ্ণত
অথচ
কোঠাটোৰ ভিতৰতে আমি
ইজনৰ খবৰ সিজনে নেজানো।

ড০ ৰাস্না ৰাজখোৱা
জামুগুৰিহাট, শোণিতপুৰ, অসম-৭৮৪১৮০
ফোন নং- ৯৮৫৪৪৯২৩২৬