মৰিচিকা – শ্ৰী বিপুল মুদৈ

মৰিচিকা

শ্ৰী বিপুল মুদৈ, গোলাঘাট

মৰুৰ মাজত মৰিচিকা চয়া,
সংসাৰৰ মাজত জানো সুখ আছে তেনেকুৱা…?
কিমান দূৰ কিমান ওচৰ,কতনো বিচাৰিলো!!!
তথাপি কিয়নো বাৰু নেদেখিলো তোক….
জীপাল ওঠৰ মাজত তোৰ মিচিকি হাঁহি,
কিয়নো মোলৈ চাই মাৰিলি কিৰিলি।
পাহাৰৰ জুৰিতি নিগৰি-নিগৰি,
কুলু-কুলু সুৰেৰে বৈ আহে ভৈয়ামলৈ আপোনা-আপুনি।
সুকান বালিত পৰি ৰ’ল বালিমাহী,
মৌ-কোঁহৰ মিঠা ৰস নিলে কোনে কাহি ???