মৰিগাঁও আৰক্ষীৰ জালত আনছাৰুল্লাহ বাংলা টীমৰ দুই সদস্য

Pc The Janambhumi

মৰিগাঁও আৰক্ষীৰ জালত আনছাৰুল্লাহ বাংলা টীমৰ দুই সদস্য

ৰঙিলী বাৰ্ত্তাসেৱা-   জেহাদীৰ বিৰুদ্ধে অসম আৰক্ষীৰে চলাই থকা অভিযানৰ মাজতেই পুনৰ মৰিগাঁও আৰক্ষীয়ে দুজনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই নগাঁও চিলঙনীৰ পৰা ইমামৰ বেশত থকা ইক্ৰামূল হুছেইন  লগতে মৈৰাবাৰী চহৰীয়া পাম গাঁৱৰ পৰা গাড়ী চালক হিচাপে থকা মুছাদ্দিক হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰে গ্ৰেপ্তাৰ কৰা এই জেহাদী মৈৰাবাৰী চহৰীয়া পাম গাঁৱৰ জমিউল হুদা মাদ্ৰাছা প্ৰধান তথা আনছাৰুল্লাহ বাংলা টীমৰ সদস্য মুফতি মুস্তাফাৰৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ লগতে তেওঁলোকৰ পৰা বহু আপত্তি জনক তথ্য উদ্ধাৰ কৰিবলৈ আৰক্ষীৰে সক্ষম হোৱা বুলি দাবী কৰিছে।