মৰমৰ বান্ধোন – জয়শ্ৰী দুৱৰা

pc Pikist

মৰমৰ বান্ধোন

জয়শ্ৰী দুৱৰা

সনাতন চলিহা, তেওঁৰ পত্নী হত্যা, তিনি পুত্ৰ- বোৱাৰী, নাতি-নাতিনীৰে অতি সুন্দৰ সংসাৰ। তিনি পুত্ৰ চৰকাৰী চাকৰিয়াল। চলিহাই চৰকাৰী চাকৰী পৰা অৱসৰ ললে। গতিকে চলিহা-চলিহানীৰ নাতি-নাতিনীৰ  লগত ৰং- ধেমালি, টিভি. চোৱা আদিৰে দিনটোৰ সনয়বোৰ অতি সুন্দৰকৈ পাৰ হৈ যায়। তিনি বোৱাৰীয়ে ঘৰখনৰ কাম- কাজবোৰ নিয়াৰিকৈ কৰে।

ৰাতিপুৱাই  উঠি ডাঙৰ বোৱাৰী অপৰাজিতাই ৰান্ধনীঘৰৰ সকলো কাম খৰধৰকৈ কৰে। কাৰণ অপৰাজিতাৰ স্বামী দুজন দেৱৰ কাৰ্যালয়লৈ সময়মতে যাব লাগিব। সময়মতে লৰা-ছোৱালী আৰু ভতিজাকেইটাও বিদ্যালয়লৈ যাব। লৰা-ছোৱালীকেইটাৰ টিফিনৰ যোগাৰ মাজু বোৱাৰী হিমাদ্ৰীয়ে কৰে। সৰু বোৱাৰী ঝৰ্ণাই সিহতক বিদ্যালয়লৈ যাবলৈ সাজু কৰি দিয়ে। তাৰ মাজতে অপৰাজিতাই সাহু- শহুৰক ৰাতিপুৱাৰ চাহকাপ  দৌৰা দৌৰিকৈ দি থৈ আহিল। ইপিনে এজনে চিঞৰিলে ঘড়ীটো পোৱা নাই, কোনোবাজনৰ বা কাপোৰ ইস্ত্ৰি কৰিব লাগে, লৰা-ছোৱালীকেইটাৰ কথা নকলোৱেই বা।

আটাইকে খোৱা- লোৱা আৰু সকলো বস্তু যোগান ধৰি উলিয়াই পৰিয়ালে। তেওঁলোক ওলাই যোৱাৰ পিছত তিনি বোৱাৰী আৰু চলিহা-চলিহানী ব্ৰেকফাষ্ট কৰিবলৈ বহিল। খোৱাৰ মেজত সকলোৱে ৰংমনে কথাৰ আদান- প্ৰদান কৰিলে।

খাই- বৈ আকৌ নিজৰ নিজৰ কামত ব্যস্ত। ডাড়ৰ বোৱাৰী অপৰাজিতা ফুলৰ বৰ চৌখিন। তেওঁ ঘৰৰ মানুহখিনিৰ দৰেই ফুলখিনিৰো বৰ যত্ন লয়। অপৰাজিতাৰ ফুলনিখন বাটৰ বাটৰুৱাই এবাৰ হলেও চকু ফুৰাই যায়।

মাজু বোৱাৰীয়ে আকৌ ঘৰ সজাই বৰ ভাল পায়। তেওঁ ঘৰ চাফ- চিকুন কৰি আজবাব- পত্ৰবোৰ ইফাল- সিফালে কৰি নতুনত্ব দি ভাল পায়। ঘৰত অনাবৃত হৈ পৰা থকা বস্তুবোৰেৰে ঘৰ সজোৱা বস্তু সাজে। অলপ সময় তেওঁ এনেকৈয়ে পাৰ কৰে।

সৰু বোৱাৰী পাহিয়ে ৰান্ধনি গৰ পৰিপাতি কৰি দুপৰিয়াৰ সাজৰ বাবে প্ৰস্তুতি চলায়। দুপৰিয়াৰ আহাৰৰ লগতে ল’ৰা ছোৱালী  কেইটাই ভালপোৱা কে’ক এটাও বনালে।

চলিহা- চলিহানীয়ে, কিতাপ পঢ়ি, পেপাৰ পঢ়ি টিভি চাই সময়বোৰ পাৰ কৰিছে।  তেওঁলোকে কাম কৰিবলৈ আহিলে বোৱাৰীহঁতে কয়- ‘ইমান দিনে ঘৰৰ সকলো কামেই, এতিয়া আপোনালোকৰ আৰাম কৰা সময়।‘ তেওঁলোকে সুখৰ হাঁহি এটি মাৰি আঁতৰি যায়। এজনে সিজনৰ উদ্দেশ্যি কয়, ‘আমি সঁচাকৈয়ে ভগ্যবান নহয়নে’ ? সঁচাকৈয়ে ভগ্যবান তেওঁলোক।

দিনৰ ভাগত খোৱা-লোৱা একেলগে কৰিব নোৱাৰে, তিনিওজন ল’ৰা চাকৰিলৈ যায়। নাতি-নাতিনী কেইটাও বিদ্যালয়লৈ যায়। ৰাতিৰ সাজ আটায়ে একেলগে বহি খোৱা চলিহা পৰিয়ালৰ নিয়মত পৰিণত হৈছে। খোৱা-মেজতে আটায়ে দিনটোৰ সকলো কথা পাতে। খাই-বৈ উঠি নাতি-নাতিনী কেইটাই ককাক আইতাকৰ লগত কিছুসময়  অতিবাহিত কৰি শুভৰাত্ৰী জনাই নিজৰ নিজৰ কোঠালৈ যায়।

চলিহা দম্পত্তিৰ পৰিয়ালটোৰ মিলাপ্ৰীতি তেওঁলোকৰ অঞ্চলটোৰ এক আদৰ্শ স্বৰূপ। ৰত্না চলিহাৰ আজিকালি সঘনাই গাটো বেয়া হৈ থাকে। ডাঙৰ পুত্ৰই চিকিৎসকক দেখুৱাই যাৱতীয় পৰীক্ষা-নিৰিক্ষা কৰালে। কিন্তু কোনো বেমাৰ ধৰা নপৰিল। ডাক্তৰে ভিটামিনৰ টেবলেট কেইটামান দি পঠিয়াই দিলে। ভালদৰে খোৱা লোৱা কৰিবলৈ পৰামৰ্শ দিলে।

নিশা খোৱা টেবুলত প্ৰত্যেকেই মাকক ভালদৰে খোৱা-লোৱা কৰিবলৈ আৰু আৰাম কৰিবলৈ পৰামৰ্শ দিলে। চালিহানীয়ে সহাৰি জনালে।

 কথা বতৰা হাঁহি ধেমালীৰ মাজেৰে আটায়ে খাই থকাৰ মাজতে চলিহাই ডাঙৰ বোৱাৰীয়েকক কলে-“অপৰাজিতা আজি মাংসৰ তৰকাৰীখন বৰ ভাল হৈছে অকমান দিয়া ছোন। তাই নিজলৈ থোৱা বাতিটোকে আনি অকমান শাহুৰ দেউতাকক দিলে। সৰু দেৱৰ জনে কলে “মোকো অকমান দিয়াছোন” যি অৱশিষ্ট আছিল সেইখিনি সৰু দেৱৰক দি দিলে।” অপৰাজিতালৈ যে মাংস নাই এই কথা চলিহাই জানিছিল।

    তেওঁ আৱেগ ভৰা কন্ঠেৰে অপৰাজিতাক কলে- “শুনা মাজনি, ভৱিষ্যতে এই ভূল কেতিয়াওঁ নকৰিবা। যিটো ভূলৰ বাবে মাৰাই আজি অসুস্থ অনুভৱ কৰিছে। সেই সময়ত তিনিটা লʼৰাৰে সৈতে আমাৰ পৰিয়ালটি মাৰাই অকলেই পৰিচালনা কৰিছিল। ভালৰ ভাল খিনি আমাক খুৱাই নিজে শুদা ভাত খাইছিল। আমি কিন্তু তেতিয়া অনুভৱ নকৰিছিলো। পৰিশ্ৰমৰ অনুপাতে খাদ্য গ্ৰহণ নকৰাৰ বাবে আজি তেওঁৰ এনেকুৱা অৱস্থা। গতিকে তোমালোকে এই ভূল নকৰিবা।”

   অপৰাজিতাই শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে শহুৰৰ মুখলৈ চালে তাইৰ দুচকুৰে অশ্ৰু নিগৰি আহিল। দেউতাকৰ কথা শুনি তিনি পুত্ৰই তবধ মানি দেউতাকৰ মুখলৈ চাই ৰʼল। সেই দিনাৰ পৰা তেওঁলোকে প্ৰত্যেকে নিজ নিজ পত্নীৰ সুবিধা অসুবিধা, খোৱা-লোৱাৰ প্ৰতি নজৰ দিয়া হʼল।

  ইমান সুখেৰে ভৰাঘৰখনত কাৰোবাৰ যেন নজৰ হেলাগিল। সামান্য জ্বৰতে ৰত্না চলিহাৰ মৃত্যু হʼল। চলিহানীৰ মৃত্যুৰ শোক সহ্য কৰিব নোৱাৰি একেটা বছৰতে চলিহাইও একেটা বাটকে লʼলে। ঘৰখনৰ নিমাওমাও পৰিৱেশ। এনেকৈ সুখে-দুখে কেইবছৰ মান পাৰ হʼল। নাতি-নাতিনী কেইবছৰ মান পাৰ হʼল। নাতি-নাতিনী কেইটাও ডাঙৰ হʼল। নিজ নিজ কামত ব্যস্ত হʼল।

  এদিন নিশা খোৱা টেবুলত ডাঙৰ বোৱাৰীকে শাহু-শহুৰৰ সোঁৱৰণত এখন বৃদ্ধাশ্ৰম খোলাৰ কথা জনালে। যত অনাথ বৃদ্ধ-বৃদ্ধ সকলে ৰংমনে একেলগে থাকিব পাৰিব আৰু ঘৰখনৰ শূণ্যতাও দুৰ হব। কথাশাৰ সকলোৱেসমৰ্থন জনালে কথামতেই কাম। ঘৰটোৰ তলৰ মহালাটো বৃদ্ধাশ্ৰমৰ বাবে সজাই পৰাই টোলা হʼল। বিছ জন ককা আইতাৰে তেওঁলোকৰ এটা ডাঙৰ পৰিয়াল সুখে-সন্তোষে একেলগে আছে।