মৰমৰ কণ কণ শিশুলৈ  – ৰূপালী মহন্ত

মৰমৰ কণ কণ শিশুলৈ 

– ৰূপালী মহন্ত

সোণপৰুৱাই হাঁহিছে
হাঁহি হাঁহি তুলিকাৰে
ৰং-বিৰঙৰ ছবি আঁকি
হাঁহিৰে সজাইছে জীৱনৰ ৰং।
খিলখিল হাঁহিৰে বান্ধিছে
সেন্দুৰীয়া আলি ,
কিতাপৰ বেগ পিঠিত লৈ
জ্ঞান অন্বেষণৰ
এজাক পখিলা
ৰামধেনুৰ সাতোৰঙে দূৰৈৰ
সৃষ্টিৰ আকাশখন সজাই তুলিবা।
গীত এটি গুণগুণাই
আশাৰ মৰম যাচিবা
সেউজীয়া বতাহৰ সুৱাস
লৈ দেহ-মন শীতল কৰিবা
চেনেহৰ জৰীৰে সকলোৰে লগত
ঐক্য -শান্তি আৰু সমন্বয়ৰ
মাজেদি চলিবা।
শিক্ষাগুৰুৰ আদেশ মানি
বিদ্যাক কণ্ঠত ধৰিবা ৰাখি
পৃথিৱীখনক সোনাময় ৰূপ দি
মুকুতা মণি হৈ সমাজত উজ্জ্বলি
পিতৃ-মাতৃৰ হৃদয়ৰ মণিকোঠা কৰিবা শুৱনি।
মানৱতাৰ মহিমাৰে
জীৱন মহীয়ান কৰিবা
হে মোৰ দেশৰ ধৰণী
তোমালোকৰ সুকোমল চিন্তাৰে
নেহেৰু খুৰাৰ মান ৰাখি
দেশপ্ৰেমক ৰাখিবা নিজৰ কৰি।
অনাদৰ অৱহেলা
নহয় ই মনৰ কথা
কিতাপৰ নিৰ্দেশ মানি
পিতৃ-মাতৃৰ মান ৰাখি
সবল চিন্তাৰে আগুৱাই যোৱা
হাতে হাত ধৰি!!
ৰূপালী মহন্ত