মোৰ মা- শ্ৰী ৰূপৰেখা ঠাকুৰ

pc-Info Please

মোৰ মা

শ্ৰী ৰূপৰেখা ঠাকুৰ
দেৰগাঁও

অ মোৰ মৰমৰ মা
তুমিয়েই মোৰ জীৱন
তুমিয়েই মোৰ প্ৰাণ।
তোমাৰ কোলাতে আই লভিলো জনম ।
জীৱনৰ আদি পূৱাত ।
তুমিয়েই মোক শিকালা সকলো মাত,
তুমিয়েই দিলা জীৱনৰ ভাষা জ্ঞান।
তোমাৰ কোলাতে আই শিকিলোঁ জীৱনৰ প্ৰথম শিক্ষা।
তুমিয়েই হলা জীৱনৰ প্ৰথম শিক্ষা গুৰু ।
বিপদৰ সময়তো দিলা এষাৰি মৰমৰ মাত।
তোমাৰ সজ উপদেশেৰে আগবাঢ়ি আহিছোঁ
জীৱনৰ আধা বাট।
তুমিয়েই দিয়া মোক সাহস মৰম জীৱনৰ যাবলৈ বাকী থকা বাট।
অ মোৰ মৰমৰ মা।