‘মোৰ গান আৰু কবিতা বহুতৰ বাবে চোৰাত পাত আৰু চাবুকৰ দৰে হৈছে’ .. ভূপেন বৰা

p.c the indianexpress

‘মোৰ গান আৰু কবিতা বহুতৰ বাবে চোৰাত পাত আৰু চাবুকৰ দৰে হৈছে’ .. ভূপেন বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ক্ষমতাৰ ৰাগিত তেওঁলোক মতলীয়া হৈ গৈ আছে। ৰাইজক গেৰান্টি হিচাপে লৈছে। তেওঁলোকে ভাবি লৈছে অসমৰ ৰাইজ তেওঁলোকৰ পিচফালে সদায় থাকিব। তেওঁলোকে যি কব চকু মুদি সমৰ্থন কৰি যাব।’ এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।  ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব লগা  উপ-নিৰ্বাচন সন্দৰ্ভত মাজুলীৰ দলীয় নেতা-কৰ্মীৰ সৈতে বৰপমুৱা ৰংগমঞ্চ মাজুলী জেংৰাইমুখত অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই বক্তব্য প্ৰদান কৰে। শাসকীয় বিজেপি চৰকাৰৰ শাসনকালত ৰাজ্যখনত সংঘটিত হোৱা সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰি সভাপতি ভূপেন বৰাই  কয়- নগাঁও থানাৰ সন্মুখত নগাঁও সচেতন মানুহে গৈ  দিনটো ধৰ্ণা দিলে যে কীৰ্তিকমল ল’ৰাটো ভাল ল’ৰা। মুখ্যমন্ত্ৰীৰ নৈতিক সাহস নহ’ল সচা কথাটো মানি লবলৈ । পৱন বৰঠাকুৰ কমিটীয়ে কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে মানি ললে কিন্তু এছ পিয়ে মানি নললে। পুনৰ আন এটা প্ৰসংগত সভাপতি গৰাকীয়ে কয় অসমত ৩ কোটি ৩ লাখ মানুহ আছে। তিনিজন মানুহৰ চিন্তা চৰ্চা কথা বতৰাই অসমৰ গোটেই চিন্তা চৰ্চা  আৰু কথা বতৰাক মূল্যায়ন কৰিব নোৱাৰে। অসমৰ বাকী ৰাইজেও কি কয় সেই কথা পুলিচে শুনিব লাগিব।  বৰাই কয়, ইতিমধ্যে আপোনালোকে নিজেই গম পাইছে যে মোৰ কবিতা-গান যে কাৰোবাৰ কাৰণে চাবুক হ’বলৈ গৈ আছে। ইপিনে আসন্ন ৭ মাৰ্চৰ মাজুলী উপ-নিৰ্বাচনত মাজুলী বিধান সভা সমষ্টিটো ৰাজনৈতিক মিত্ৰতাৰ স্বাৰ্থত অসম জাতীয় পৰিষদক এৰি দিয়া বিষয়টো লৈ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভাত মাজুলীৰ দলীয় নেতা-কৰ্মীসকলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীক বিভিন্ন প্ৰশ্ন অৱতাৰণা কৰাৰ পৰিপ্ৰেক্ষিতত সভাপতি বৰাই দলীয় কৰ্মীৰ সন্মুখত কয় যে প্ৰদেশ কংগ্ৰেছৰ মুখলৈ চাই,অসমৰ মানুহৰ স্বাৰ্থত, ৰাজ্যখনৰ স্পৰ্শকাতৰ বিষয়বোৰত এখন সমূহীয়া যুদ্ধ দিয়াৰ স্বাৰ্থত ৰাজ্যখনৰ মূল বিৰোধী দল হিচাপে কংগ্ৰেছৰ নৈতিক দায়িত্ব পালন কৰাৰ স্বাৰ্থত মাজুলীৰ প্ৰতিগৰাকী দলীয় কৰ্মীক এবাৰৰ বাবে লুৰিণ জ্যোতি গগৈ নেতৃত্বতাধীন অসম জাতীয় পৰিষদ দলক সহায় কৰিবলৈ বিনম্ৰ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। এই সহায়ৰ বিনিময়ত অনাগত দিনত দলটোৰ সৈতে মিত্ৰতা হ’লেও মাজুলী সমষ্টি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে। এইবোৰ এতিয়া এৰি মূল্য বৃদ্ধিৰ বিৰোধে যুঁজ দিয়াৰ সময় আহি পৰাৰ কথা ব্যক্ত কৰি পুনৰ সভাপতি বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে যদি মৃত্যুদণ্ড দিব পৰা ক্ষমতা হাতত লৈ লয়, পুলিচক এনকাউন্টাৰ এনকাউন্টাৰ বুলি উচতনি দি থাকে সেই এনকাউন্টাৰৰ গুলি কিন্তু আপোনাৰ আৰু মোৰ চোতালত পৰিব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাসহ দলীয় নেতৃত্বসকলক আজি দিনৰ এঘাৰ বজাত খেৰকটীয়া নৈৰ পাৰৰ পৰা মাজুলীৰ দলীয় কৰ্মী,  বিভিন্ন সাংস্কৃতিক দলে জেংৰাইমুখ ৰাজীৱ ভৱনলৈ শোভাযাত্ৰা কৰি লৈ আনে। মাজুলী জিলা কংগ্ৰেছৰ সভাপতি দধি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ক্ৰমে প্ৰদুৎ ভূঞা, গোলাপ শইকীয়া,দলীয় নেতা ক্ৰমে অৰুণ তিৱাৰী,বাবুল সোনোৱাল, জিন্টু হাজৰিকা, পদ্মলোচন দলে,মুষ্টাক হুচ্ছেইন, মহেন্দ্ৰ গোহাঁই আদিকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।