মোডী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰনালয়ৰ দায়িত্ব লাভ কৰা অশ্বিনী বৈষ্ণৱে অভিনৱ কৌশল

Pc-Hindustan

অনলাইন বাৰ্ত্তাসেৱা- মোডী মন্ত্ৰীসভাত ৰে’ল মন্ত্ৰনালয়ৰ দায়িত্ব লাভ কৰা অশ্বিনী বৈষ্ণৱে বিভাগৰ কামসমূহ সুচাৰুৰূপে কৰি নিবলৈ এতিয়াৰে পৰা তেওঁৰ বিভাগৰ কৰ্মচাৰীসকলে দুটা চিফ্টত কাম কৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰিছে।  সেই অনুসৰি প্ৰথমটো চিফ্ট আৰম্ভ হ’ব পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ আৰু আনটো চিফ্ট আৰম্ভ হ’ব বিয়লি ৩ বজাৰ পৰা নিশা ১২ বজালৈ।ৰে’ল মন্ত্ৰনালয়ৰ এ ডি জি পি, পি আৰ ডিজে নাৰায়নে জনোৱা অনুসৰি এই নিৰ্দেশনা কেৱল এম আৰ চেল (মন্ত্ৰী কাৰ্যালয়)ৰ বাবে জাৰি কৰা হৈছে। তেওঁ জনাইছে যে, ৰে’ল মন্ত্ৰীয়ে তেওঁৰ কাৰ্যালয়ৰ সৈতে জড়িত সকলো কৰ্মচাৰীসকলৰ বাবে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰিছে। by utpal kalita