মৈৰাবাৰীৰ হাতীমূৰীয়াত নিজৰ ডিঙি নিজে ৰেপি আত্মহত্যা মানসিক বিকাগ্ৰস্ত বৃদ্ধৰ

মৈৰাবাৰীৰ হাতীমূৰীয়াত নিজৰ ডিঙি নিজে ৰেপি আত্মহত্যা মানসিক বিকাগ্ৰস্ত বৃদ্ধৰ

মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত আজি সংগঠিত হৈছে এক ভয়ংকৰ আত্মহত্যাৰ ঘটনা।হাতীমূৰীয়া গাঁৱৰ আব্দুল আজিজ নামৰ ৬৫ বছৰীয়া মানসিক বিকাগ্ৰস্ত বৃদ্ধাজনে মুৰ্গী কটা ছুৰিৰে নিজৰ ডিঙি নিজে ৰেপি আত্মহত্যা কৰে।পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি আব্দুল আজিজ বহু বছৰ ধৰি মানসিক ৰোগত ভুগি আছিল।আনহাতে পৰিয়ালৰ লোকে তেজপুৰ মানসিক চিকিৎসালয়ত চিকিৎসাও প্ৰদান কৰি আছিল।ব্যস্ত পথৰ কাষতে এনেদৰে ডিঙি ৰেপি দিয়াত প্রত্যক্ষদর্শীয়ে ততাতৈয়াকৈ মৈৰাবাৰী হস্পিতালত ভৰ্তি কৰাই যদিও বৃদ্দা জনৰ মৃত্যু ঘটে।আনহাতে ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ বৃদ্ধ জনৰ মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৃদ্ধ এনেদৰে আত্মহত্যা কৰা ঘটনাটোয়ে ইতিমধ্যে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।