মৈৰাবাৰীত চাইবাৰ ক্ৰাইম চক্ৰৰ লগত জড়িত দুজন যুৱক আটক

মৈৰাবাৰীত চাইবাৰ ক্ৰাইম চক্ৰৰ লগত জড়িত দুজন যুৱক আটক

ইকবাল হুছেইন,মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাবাৰী আজাদ নগৰৰ সাপ্তাহিক বজাৰৰ সমীপৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ ক্ৰাইমৰ লগত জড়িত থকা দুজন যুৱকক আটক কৰে। মৈৰাবাৰী আৰক্ষীয়ে যুৱক দুজনৰ পৰা প্ৰায় শতাধিক ছিম কাৰ্ডৰ লগতে এটা বাইক আটক কৰে। জানিব পৰা মতে, আটক কৰা বাইক খনৰ নম্বৰ AS21K1074 । মৈৰাবাৰী আৰক্ষীয়ে অভিযানত আটক কৰা যুৱক দুজন ক্ৰমে মেহদি আলম আৰু মহি উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাবিৰ আলীয়ে অধিক তথ্যৰ বাবে যুৱক দুজনক সোধা-পোছা অব্যাহত ৰাখিছে।