মৃণ্ময়ী – ৰাজলক্ষ্মী বৰঠাকুৰ

PC-Pixabay

মৃণ্ময়ী

ৰাজলক্ষ্মী বৰঠাকুৰ

খৰ ধৰ কৈ সাজি পাৰি আইনা খনত এবাৰ চকু ফুৰাই যাবলৈ বুলি বাহিৰলৈ ওলাই আহি কিবা ভাবি তাই খন্তেক সময়ৰ বাবে থমকি ৰল । পিছলৈ উভতি চাই তাই কাম কৰা বাই ৰঙিলীক কলে তুমি মোৰ বাবে আজি ৰৈ থাকিব নালাগে মোৰ অহা অলপ পলম হব। এইবুলি কৈ তাই খৰ ধৰ কৈ গাড়ীত বহিল। তাই কিবা ভাবত বিভোৰ হৈ থকা কাৰণে কেতিয়ানো গন্তব্য স্হান পালেগৈ গমেই নাপালে। বন্ধু অসীমে কলে ইমান কৈ কি ভাবি আহিছা গাড়ীৰ পৰা নানামা নেকি । তাৰ কথা শুনি মৃণ্ময়ীয়ে লাহেকৈ হাঁহি এটা মাৰি গাড়ীৰ পৰা নামি গল। গাড়ীৰ পৰা নামিয়ে তাই নতুন কৈ সজা ঘৰ খনলৈ এবাৰ চকু ফুৰাই অসীমৰ লগত ভিতৰলৈ সোমাই গল। ভিতৰলৈ সোমাই তাইৰ মনটো এক বুজাব নোৱাৰা আবেগেৰে ভৰি পৰিল। আজি তাইৰ সপোনবোৰ বাস্তবত পৰিণত হোৱাৰ বাবে তাইৰ মনটো আনন্দৰে ভৰি পৰিল। ইমান খিনি লৈকে আগবাঢ়ি যোৱাত সহায় কৰা ব্যক্তি জনলৈ মনত পেলাই মনটো বেদনাৰে ভৰি পৰিল। সৰুতে মাতৃ হাৰা হোৱা মৃণ্ময়ীয়ে ভৰ বয়সতে দেউতাককো হেৰুৱাই নিঠৰুৱা হৈ পৰিছিল। আপোন মানুহ খিনিয়েও তাইক গা এৰা দিছিল। নিঠৰুৱা হৈ পৰা মৃণ্ময়ীয়ে কি কৰিম কি নকৰিম ভাবি নিৰুপাই হৈ এটা আশ্রয় গৃহত আশ্রয় ললে। ভগৱান হয়তো তাইৰ প্ৰতি সুপ্রসন্ন আছিল। সেই আশ্রয় গৃহৰ জন্মদাতা পিতৃস্বৰপ হৰি প্রসাদ বৰুৱা নামৰ ব্যক্তি জনে তাইক আশ্রয় গৃহত আশ্রয় দিলে আৰু তাইৰ অভিভাৱকৰ দায়িত্ব ললে। তাইক ভাগি যাব নিদি উচ্চ শিক্ষাৰে শিক্ষিত কৰি নিজৰ ভৰিত নিজে ঠিয় হোৱাৰ সাহস আৰু প্রেৰণা দিলে। যাৰ কাৰণে আজি এগৰাকী সফল মহিলা উদ্যোগ পতি হিচাপে তাই নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে। তাইৰ মনত আজি অপাৰ আনন্দ কিয়নো তাই যত থাকি নিজৰ সপোনবোৰ বাস্তবত পৰিণত কৰিছিল। সেই আশ্রয় থলি আজি তাই সকলো সা-সুবিধাৰে নতুনকৈ গঢ়ি তুলিলে। তাইৰ এই মহৎ উদ্দেশ্যত বন্ধু অসীমেও সহায়ৰ হাত আগবঢ়ালে। মৃণ্ময়ী দৃঢ় প্রতিজ্ঞ হল যাৰ কোনো আশ্রয় নাই সেই আশ্রয় হীন লোকসকলক আশ্রয় গৃহত থকাৰ সুবিধা দি তেওঁলোকৰ উন্নতিৰ কাৰণে আজীৱন চেষ্টা কৰি যাব।