মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত আছুৰ উত্তাল প্ৰতিবাদ:

বাৰ্ত্তাসেৱা-  নলবাৰীত আছুৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত।বৃহস্পতিবাৰে নলবাৰী জিলা ছাত্র সন্থাৰ উদ্যোগত পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ কাৰ্য্যসূচীৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ আৰু যোগন বিভাগৰ চুড়ান্ত ব্যৰ্থতাৰ কথা উনুকিয়াই নলবাৰী জিলা ছাত্র সন্থাই এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যেতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত জিলা খনৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্র কৰ্মীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। by sahil mallick