মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰবিহালীৰ বৰকঠীয়াবাৰী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অংগনৱাড়ী কেন্দ্ৰত৯৬টি শিশুৰ মাজত ‘টেক হোম ৰেচন’ বিতৰণ

pc Facebook
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰবিহালীৰ বৰকঠীয়াবাৰী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অংগনৱাড়ী কেন্দ্ৰত৯৬টি শিশুৰ মাজত ‘টেক হোম ৰেচন’ বিতৰণ
অনলাইন বাৰ্ত্তাসেৱা – অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিশ্বনাথ জিলাৰ বিহালীৰ বৰকঠীয়াবাৰী সংহত শিশু বিকাশ সেৱা প্ৰকল্পৰ অংগনৱাড়ী কেন্দ্ৰত উপস্থিত হৈ অঞ্চলটোৰ ৯৬টি শিশুৰ মাজত ‘টেক হোম ৰেচন’ বিতৰণ কৰে আৰু ইয়াৰ লগতে অংগনৱাড়ী কৰ্মীসকলে সমৰ্পিত মনোভাৱেৰে শিশুসকলক ভালদৰে চোৱা চিতা কৰি থকাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু এই সেৱাৰ মনোভাৱ অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহালীৰ বৰকঠীয়া বাৰীৰ অংগনবাড়ী কেন্দ্ৰত শিশু সকলৰ সৈতে অতিবাহিত কৰা সুন্দৰ সময়ৰ মুহূৰ্তবোৰে সকলোকে অনুপ্ৰাণিত কৰিব।