মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম সৰ্বিশক্ষা কৰ্মচাৰীৰ সাহায্য প্ৰদান

pc- the sentinel assam

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম সৰ্বিশক্ষা কৰ্মচাৰীৰ সাহায্য প্ৰদান

অনলাইল বাৰ্ত্তাসেৱা– অসম সৰ্বশিক্ষা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ঐক্যমঞ্চৰ দল এটাই অসম সচিবালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০েহিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ঐক্যমঞ্চৰ জমা পুঁজিৰ তৰফৰ পৰা ৰ,৩১,০০০ টকাৰ এখন ড্ৰাফট মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায়। লগতে সমগ্ৰ অসমতে সৰ্বশিক্ষাত কৰ্মৰত ৩৩ খন জিলাৰ বিভিন্ন পযায়ৰ বিষয়া-কৰ্মচাৰীৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এদিনৰ দৰমহা কৰ্তনৰ পৰা প্ৰায় ২৪,৫০,৬৩৭ টকা দিয়া বুলি ঐক্যমঞ্চৰ তৰফৰ পৰা জনায়। মুখ্যমন্ত্ৰীক সাক্ষাৎ অনুষ্ঠানত উপস্থিত থাকে ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি ইন্দ্ৰশেখৰ শৰ্মা, ভূদেৱ গোস্বামী, সাধাৰণ সম্পাদক উত্তম দত্ত, যুটীয়া সম্পাদক মনোজ ডেকা আৰু কাৰ্যকৰী সদস্য ক্ৰমে জিতু বৰুৱা, হেমন্ত শৰ্মা আৰু ৰঞ্জোৎপল বৰঠাকুৰ। দলটোৱে লগতে মুখ্যমন্ত্ৰীক সৰ্বশিক্ষাৰ কৰ্মচাৰীসকলৰ চাকৰিৰ মাদ্য আৰু নিৰাপত্তা ৬০ বছৰলৈ সুনিশ্চিত কৰিবলৈ অনুৰোধ জনায়।

(richa)