মুখত মিঠা,পেটত তিতা – শৈলেন কুমাৰ

মুখত মিঠা,পেটত তিতা 

 শৈলেন কুমাৰ,মিৰ্জা

মুখত মিঠা দেখুৱাই,পেটত তিতাখিনি সাঁচি থৈ নাটকীয় ৰূপত চলিব জানিলে আজি কালি মানুহৰ সমাজত সমাদৰ লাভ কৰিব পাৰি নহয়নে বাৰু কথাখিনি ? যিজনে পেটত কথা সাঁচি ৰাখিব নোৱাৰি,যিটো যেনে ৰূপত উপস্থাপন কৰে তেনেকুৱা মানুহৰ সমাজত আনুষ্ঠানিকভাৱে এলাগী ঘোষণা কৰা হয় ৷ সকলোৱে সকলোৰে কথা জানে- বুজে কিন্তু সময়ৰ ৰং অনুসৰি মনেমনে থাকে ৷ আমিবোৰে শোষিত হবলৈ স্বীকাৰ কৰিছোঁ, অৰ্থলোভী,ক্ষমতালোভী সকলোৰ শোষণক শিৰোধাৰ্য্য কৰি আত্মসমৰ্পণ কৰিছোঁ ৷ তৈলমৰ্দনত জাতিস্কাৰ আজিৰ সমাজ,তৈলমৰ্দন কৰিব নোৱাৰি হয় বহিষ্কাৰ ৷ চৌদিশে এতিয়া ৰসহীন মাতকথা, সজীৱ কৰাৰ ছলনাৰে নিৰ্জীৱ হৈ পৰে আমাৰ জাতীয় প্ৰথা ৷ কৃত্ৰিমতাৰ বেহাত হেৰাই যোৱাৰ আত্মসন্মানৰ স্বকীয়তা বিচাৰি পাবলৈ নাই ৷ অসাধু,দুষ্কৃতিকাৰী,ঘাতকৰ আগত অসহায় সাধু,সত্যনিষ্ঠতা ৷ সঁচাকথা কলে বেয়া পায়,মনোৰঞ্জন আমোদ-বিনোদন কথা সকলোৱে আকোঁৱালি লয় ৷ মুঠতে সঁচাখিনি তিতা আৰু মিছাখিনি মিঠা বুলি জানি যদি চলিবলৈ পৰা তেতিয়া আপুনি হব সমাজৰ আগশাৰীৰ সমাদৰ পোৱা বৰমূৰীয়া ৷