মিলন – ৰশ্মি ৰেখা দুৱৰা

Pc Wallpaper flare

মিলন

                        ৰশ্মি ৰেখা দুৱৰা
                             ডিব্ৰুগড়

বাহিৰত ঘোৰ আন্ধাৰ।দোপালপিটা বৰষুণ জাকত দীক্ষিত চক খাই সাৰ পাই গ’ল।সময় তেতিয়া ৩:৩০ বাজিছিল।টোপনি যাবও পৰা নাই,মাকক চিঞৰিবও নোৱাৰে।ঘৰৰ চালত(টিং) বৰষুণৰ টোপালৰ প্ৰকাণ্ড শব্দ।মোবাইলত কিবা এটা প্ৰত্যক্ষ কৰাৰ পৰাও বিৰত।যিহেতু মেঘৰ গাজনিৰ শব্দ,বিজুলীৰ পোহৰে চকুত ধৰা দিছে।কেনেকৈ সময়বোৰ পাৰ কৰিব পোহৰ হোৱালৈ।

ঘনিষ্ঠ বন্ধু বিপ্লৱৰ দুখৰ কথাবোৰ চকুত ভাঁহি আহিবলৈ ধৰিলে।কেনেকৈ আগৰ দিনবোৰ ঘূৰাই পাব,সুখবোৰে বিপ্লৱক লগ দিবনে?কিছু কথাই মনতে খু-দুৱালে।মাক-বাপেকৰ পৰা অকলশৰে সময় পাৰ কৰা কেইবাটাও বছৰে হ’ল।বন্ধু দীক্ষিতৰ বাহিৰে পৰিয়ালৰ/আত্মীয় কোনোৱে লগ নিদিয়ে।ভুলৰো জানো ক্ষমা নাথাকে।

দীক্ষিতে সদায়ে বন্ধু বিপ্লৱৰ হিত চিন্তাই কৰে।কেনেকৈ দেউতাকৰ সতে সাক্ষাত কৰাব পাৰি পুত্ৰক।মাজে মাজে চেষ্টা কৰিও বিফল হয়।হঠাতে ঘপহকৈ মনত পৰিল আজিতো ১ এপ্ৰিল।মিছা কথাৰ সৎ ব্যৱহাৰ কৰিব পাৰি নেকি ভাবিলে!দেওবৰীয়া বজাৰত কাৰোবাক কোৱা শুনিছিল,বিপ্লৱৰ দেউতাকৰ অসুখ।হস্পিতালত চিকিৎসাধীন হৈ আছে।

দীক্ষিতে মনতে বুদ্ধি পাঙিলে।এই সুযোগতে পিতা-পুত্ৰৰ সাক্ষাত কৰাব লাগিব।আন্ধাৰ ম্লান পৰি পোহৰ হ’ল,বৰষুণজাকো কমিল।বিচনাৰ পৰা উঠি মাকক চিঞৰিলে—

: “অ’ মা মোক চাহ একাপ সোনকালে বনাই দিয়া”।কাম এটা আছে এফালে যাওঁ।
: “ক’ত যাওঁ ইমান পুৱাতে”।আনদিনা দেখোন ৭ বজালৈ শুইয়ে নুঠ।
: “আজিৰ কথা বেলেগ মা’।আজি এপ্ৰিল ফুলৰ সৎ ব্যৱহাৰ এটা কৰিব খুজিছোঁ”।
: “কিযে কথা কওঁ তই!এপ্ৰিল ফুলৰ সৎ ব্যৱহাৰ”।মই হ’লে একো বুজা নাই।
:”তুমি বুজিব নালাগে মা’।সোনকালে চাহকাপ দিয়া আৰু খাই যাওঁ মই”।

মাকক আৰু বুজাই নাথাকি চাহকাপ খাই দীক্ষিত মটৰচাইকেলখন লৈ যাত্ৰা আৰম্ভ কৰিলে চহৰ অভিমুখে,বিপ্লৱৰ ওচৰলৈ।য’ত বিপ্লৱে অকলশৰে এটা এটা ক্ষণ গণিছে।বৰ্তমান বিপ্লৱৰ সৰুসুৰা উপাৰ্জনো আছে ধুনীয়াকৈ চলি থাকিব পৰাকৈ।কিন্তু জন্মদাত্ৰী মাতৃক জানো পাহৰিব পাৰে।মাকলৈ কেতিয়াবা চেৰেংকৈ মনত পৰে।খবৰ লবলৈও মন যায়।দেউতাকৰ ঘোপা কৰা চকুৰ খংটো ভাঁহি অহাত সকলো পাহৰি পেলায়।

চুতীয়া গাঁৱৰ সম্ভ্ৰান্ত ব্যক্তি তিলক হাজৰিকাৰ একমাত্ৰ পুত্ৰ আছিল বিপ্লৱ হাজৰিকা।বিপ্লৱৰ এজনী মৰমলগা ভনীয়েকো আছিল।মাক-বাপেকে দুয়োটাকে বৰ সুন্দৰকৈ সংস্কাৰ দি ডাঙৰ দীঘল কৰিছিল।বিপ্লৱ মেধাৱী ছাত্ৰ আছিল।সকলো শিক্ষক-শিক্ষয়িত্ৰীৰে মৰমৰ।কথাতে কয় নহয় লগ সংগয়ো স্বভাৱ সলনি কৰিব পাৰি।ঠিক তেনেকুৱাই এটা ঘটনা ঘটিল বিপ্লৱৰ জীৱনত।উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ কোনো মাক-বাপেকে বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে।উচ্চ শিক্ষাৰে পৰিপুষ্ট হৈ সম্যক জ্ঞানেৰে সুসজ্জিত হোৱাটোৱেই মাক-বাপেকৰ সন্তানৰ প্ৰতি আশীৰ্বাদ।

পঢ়িবলৈ গৈ ভাড়াঘৰত দুজন বন্ধু ৰিতু আৰু হৰ্ষিতৰ সতে একেলগে থাকিবলৈ ললে।বিপ্লৱে ভাবিছিল চহৰত থাকি পঢ়ি দেউতাকৰ আশাবোৰ পুৰা কৰিব পাৰিব।এদিন দুদিনকৈ দিনবোৰ পাৰ হ’ল।পঢ়িবলৈ ললেই ৰিতুৱে বা হৰ্ষিতে মাত দিয়ে।

: “ঐ বন্ধু,কিমান আৰু নপঢ়!ব’লনা আজি পাৰ্টি কৰিম”।
: “নাই,নাযাওঁ”।
: “কিয়?ব’লচোন এইটো বয়সত পাৰ্টি নকৰি কেতিয়া কৰিবি।অলপ স্ফূৰ্তি কৰিব শিক”!
: “মোক ঘৰত মা-দেউতাই পঢ়িবলৈহে পঠাইছে ইয়াত।মা-দেউতাৰ সন্মানত আঘাত সানিব নোৱাৰোঁ”।
: “সেইবোৰ অদৰকাৰী কথা বাদ দে।ব’ল যাওঁ”।

জোৰ জবৰদস্তি কৰি পঢ়া টেবুলৰ পৰা বিপ্লৱক লৈ যায়।পৰৱৰ্তী সময়ত নিচাৰ প্ৰতি আসক্ত হৈ পৰিল।ৰিতুহঁতৰ লগত বিপ্লৱো প্ৰায়ে পাৰ্টি কৰিব ধৰা হ’ল।দেউতাকলৈ ফোন কৰি পঢ়াৰ বাবদ টকা লাগে বুলি মাহটোত দুই-তিনিবাৰ টকা লোৱা হ’ল।পৰীক্ষাৰ ফলাফলে বেয়াৰ ফালে ঢাল ললে।

কেতিয়াবা দেউতাকে ফোনতে প্ৰশ্ন কৰে—
: “বোপা, ইমান টকাৰ প্ৰয়োজনটো নহয়।তই কিবা বেয়া পথে গৈছ নেকি?”
: ” নাই দেউতা! পঢ়াৰ দৰকাৰীবোৰ ক্ৰয় কৰোতে খৰচ হয়।দেউতাকক এটা মস্ত ফাঁকি মাৰি দিয়ে।”

দেউতাকে কথাবোৰ বিশ্বাসত লব নোৱাৰি চহৰ পালেগৈ।বিপ্লৱ থকা কোঠাটোত এটা তলা ওলমি আছে।চাৰিওফালৰ পৰিৱেশ নিৰ্জন।সময় দুপৰীয়া ১২ বাজি পাৰ হওঁ হওঁ।ভাড়াঘৰৰ মালিকজনে পিছফালৰ পৰা মাত দিলে–
: “অ’ আপুনি বিপ্লৱৰ দেউতাক নহয় জানো?”
:” হয়,হয়।”
:” আহক বহিব।”
: “বিপ্লৱহঁতৰ কোঠাত তলা যে! ইহঁতবোৰ ক’ৰবালৈ গৈছে হ’বলা।আজিতো দেওবাৰ।মহাবিদ্যালয়ো বন্ধ।”
:” ইহঁতৰ কথানো কি ক’ম!যিমান বুজালেও নুবুজে।পঢ়াৰ প্ৰতি অলপো ধাউতি নোহোৱা হ’ল।অনবৰতে পাৰ্টি পাৰ্টি কৰি থাকে।মই ইমান বুজাও,ঘৰত মা-দেউতাই পঢ়িবলৈ পঠাইছে।আৰু তঁহতি ইয়াত পঢ়াৰ নামত টকালৈ এইবোৰ কাণ্ড।মোৰ কথাত অলপো কাণসাৰে নাই।”
:”ময়ো তাৰ উমান লৈয়ে আহিছোঁ।কাৰণ মাহটোত দুই/তিনিবাৰ টকা লোৱাৰ পাছতো নুজোৰে বুলি কয়।নিশ্চয় এয়া ৰহস্যজনক কথা।যিজন ল’ৰাই মোক নুসুধাকে মোৰ পকেটৰ পৰা এটা টকা সৰকোৱা নাছিল।আজি কেনেকৈ এয়া সম্ভৱ!”

অলপপৰ কথাবাৰ্তা হোৱাৰ পাছত বিপ্লৱহঁত আহি পালে।দেউতাক বহুত মৰমীয়াল।কিন্তু যেতিয়া খং উঠে উগ্ৰমূৰ্তিৰ ৰূপ ধাৰণ কৰে।ক’ত গৈছিলি?আজি দেওবাৰ।মাহটোত সৰকোৱা টকাৰ হিচাপ আজি লাগিব মোক।খংত উত্তেজিত হৈ পৰিল।

ভয়ে ভয়ে সকলো কথা বিৱৰি দেউতাকক ক’লে।টকা আনি বন্ধুবৰ্গৰ লগত পাৰ্টি কৰাৰ সবিশেষ।সকলো জনাৰ পাছত দেউতাকৰ আৰু ইচ্ছা নগ’ল বেছিকৈ বুজাবলৈ।তই মোৰ ল’ৰা নহয় আজিৰ পৰা।মোক পাহৰি যা…। ঘৰত মা আৰু এজনী ভণ্টি আছে বুলি কেতিয়াও মনত নেপেলাবি।ঘৰৰ দুৱাৰ তোৰ বাবে চিৰজীৱন বন্ধ।এইবুলি কৈ দেউতাকে ঘৰ অভিমুখে বেগেৰে খোজ ললে।

ৰিতু আৰু হৰ্ষিত দুয়োৱে সেই ঠাই এৰি গুচি গ’ল।স্তব্ধ হৈ ৰ’ল বিপ্লৱ।সকলো কথাই গুজৰি গুমৰি মগজুত প্ৰচণ্ড এজাক ধুমুহা বলিবলৈ ধৰিলে।নিজৰ স্থিতিত অটল থাকিব বিচৰা বিপ্লৱ দুই বন্ধুৰ কবলত পৰি পৰিয়ালৰ লগতে বিচ্ছেদ।

দীক্ষিত এজন বহুত ভাল ল’ৰা।দীক্ষিতে বহুবাৰ ৰিতু আৰু হৰ্ষিতৰ জালৰ পৰা ওলাই আহিবলৈ বুজনি দিছিল যদিও মান্তি নহ’ল।অকলশৰীয়া হোৱাত দীক্ষিতে বন্ধু বিপ্লৱৰ প্ৰতিটো মুহূৰ্তৰ সাহস হৈ থিয় দিছে।পঢ়া-শুনাও অন্ত পৰিল নিজৰ ভুলৰ বাবে।ঘৰলৈ যোৱাৰ ৰাস্তাও বন্ধ।চহৰতে এটা নিজাকৈ চলিব পৰাকৈ কামৰ সম্ভেদ উলিয়ালে।দীক্ষিতৰ পৰশত আগৰ বিপ্লৱ হৈ ঘূৰি আহিল।কিন্তু পৰিয়ালবৰ্গৰ পৰা আঁতৰত।উপায় নাই।পৰিস্থিতিয়ে যলৈকে বাঁট দেখুৱাই তালৈকে যাব লাগিব।এয়াই বাস্তৱ সত্য।

বিপ্লৱে অকলশৰে ভুলৰ যাতনা ভোগ কৰি দিনবোৰ পাৰ কৰিছে।সময় পালে দীক্ষিতে মাজে-মাজে লগ দিয়ে।ফোন কৰি খবৰ লয়।দীক্ষিতৰ এটাই সপোন।বিপ্লৱ আৰু দেউতাকক সাক্ষাত কৰাই সকলো বুজাই ক’ব আৰু দেউতাকে আদৰি লব।বহুবাৰ সাক্ষাত কৰাব চেষ্টা কৰিও দীক্ষিত ব্যৰ্থ।

১০ কি.মি ৰাস্তা অতিক্ৰম কৰি দীক্ষিতে বিপ্লৱ থকা কোঠাটোৰ ফালে আগুৱাই গৈ মাত দিলে।
: ” বিপ্লৱ, অ’ বিপ্লৱ ! তই উঠাই নাই নেকি?”
: “সাৰ পালোঁ। উফঃ ইমান বৰষুণ।ডিউটিও অফ আছে।সেয়েহে অলপ দেৰিলৈকে শুই আছোঁ আৰু।তই ইমান  ৰাতিপুৱাই ওলালিহি যে—–”
:” বহুত ডাঙৰ কথা এটা হ’ল।”
: ” কি ডাঙৰ কথানো,কওঁ আক।ক’লেহে জানিম।”
: “ৰক্তিম দাই(খুড়া) কৈছিল,তিলক খুড়াৰ বোলে গাটো বৰ ভাল নহয়।হস্পিতালত আছে তোক চাব ইচ্ছা কৰিছে।”
:”কি? দেউতাৰ গা বেয়া! বহুত বেছি হৈছে নেকি।মোক চাব বিচৰাতো সঁচা জানো।”
:”সঁচা! তোলৈ  বহুত মনত পৰিছে কৈছে খুড়াই।তই এতিয়াই মোৰ লগত যাব লাগিব।”

দেউতাকৰ খঙত উগ্ৰমূৰ্তি হোৱা মুখখনলৈ মনত পৰি ভয়ে ভয়ে ক’লে—ঠিক আছে,যাম বাৰু।

বিপ্লৱৰ দেউতাক অসুস্থ হৈ থকাটো সঁচা।কিন্তু বিপ্লৱক মাতি পঠিওৱা কথাটো সম্পূৰ্ণ মিছা।মিছা বুলি বিপ্লৱে বুজিব নোৱাৰাকৈ কথাৰ পাকবোৰ সলাই থাকে দীক্ষিতে।১ এপ্ৰিলত মিছা কথাৰ সৎ ব্যৱহাৰ কৰি পিতা-পুত্ৰক সাক্ষাত কৰাবলৈ গৈ আছে।দীক্ষিতৰ বহুদিনৰ আশা পূৰণ হোৱাৰ পথত।

বিপ্লৱে বিছনাৰ পৰা উঠি মুখ হাত ধুই চাহ কাপ ততাতয়াকৈ খায়ে দীক্ষিতৰ সতে হস্পিতালৰ অভিমুখে যাত্ৰা কৰিলে।গন্তব্য স্থান পাই ক’ত আছে,কাউণ্টাৰত নামেৰে সৈতে সবিশেষ কোৱাত জানিব পৰা গ’ল।কালি অৰ্থাৎ ৩১ মাৰ্চ তাৰিখে হস্পিতালৰ পৰা তিলক হাজৰিকাক ৰিলিজ দিয়া হ’ল।অৰ্থাৎ বিপ্লৱৰ দেউতাকক।

দুয়োৱে বিপ্লৱৰ ঘৰ অভিমুখে যাত্ৰা কৰিলে।বিপ্লৱৰ মূৰটো গধূৰ হৈ আহিব ধৰিছে।বুকুখন ধপ্‌ধপাইছে,উশাহটো ঘন হৈ আহিছে।অসুস্থ দেউতাকক চাবলৈ উত্ৰাৱল যদিও বিপ্লৱক ভয়ে ছানি ধৰিছে।দেউতাকে কিবা ক’ব,উগ্ৰমূৰ্তি ধৰিব নেকি?পুৰণা ঘটনাবোৰে জীৱন্ত ৰূপত দোলা দি আছে।
:”ঐ বিপ্লৱ কি ভাবি আহিছ,ঘৰ পালোহি।”
:”উম।মই গমকেই পোৱা নাছিলোঁ।মটৰচাইকেলখনৰ পৰা নামি বিপ্লৱ ৰৈ গ’ল।”
:”ৰব নালাগে,ব’ল।খুড়াই তোক একো নকয়।মই সকলো বুজাই ক’ম খুড়াক।তই চিন্তা নকৰিবি।”

ভনীয়েক ৰিনি দৌৰি আহি ককায়েকক সাৱটি ধৰিলে।
:”দাদা,তুমি ক’ত আছিলা ইমান বছৰ।মোলৈ মনত পৰা নাছিলনে তোমাৰ।”
:”বহুত মনত পৰিছিল অ’ ভণ্টি!কিন্তু লগ ধৰিব পৰা নাছিলোঁ।বিপ্লৱেহে জানিছিল,মাক আৰু ভনীয়েকলৈ কিমান মনত পৰিছিল।দেউতাকৰ ভয়তহে পাহৰিব চেষ্টা কৰিছিল।”

ককায়েক আৰু দীক্ষিত দুয়োকে ৰিনিয়ে ভিতৰলৈ মাতি বহিবলৈ দিলে।বিপ্লৱৰ মাতৃয়ে কোন আহিছে অ’ ৰিনি বুলি কৈ-
ৰিনিয়ে ক’বলৈ নৌপাওঁতেই আলহী বহা কোঠালৈ সোমাই গ’ল।দীক্ষিতে মাত দিলে-
:”খুড়ী,ভালে আছেনে।”
:”ক’ত ভাল হ’ব অ’ দীক্ষিত।দদায়েৰাৰ অসুখ।তাতে বাকীবোৰ খবৰ দেখোন তুমি জানাই বুলি কৈ………
কথাষাৰ শেষ কৰিব নৌপাওঁতেই দুই চকুৰে ক’ব নোৱাৰাকৈয়ে লোতক বৈ আহিল।”

বিপ্লৱ নিশ্চুপ হৈ বহি আছিল।মাকৰ চকুপানী দেখি ৰব নোৱাৰি সাৱটি ধৰিলে।
:”মা’ মোক ক্ষমা কৰি দিয়া।মই বহুত ভুল কৰিলোঁ।মোৰ অনিচ্ছা স্বত্বেও সিঁহতি মোক পাকচক্ৰত সোমোৱাই নিচাৰ প্ৰতি আসক্ত কৰি তুলিলে।এতিয়া সকলো বুজিলোঁ মা’।”

মাকৰ ভৰিত ধৰি সেৱা কৰিলে।বিপ্লৱৰ চকুৱে আপোনাআপুনি বান নামি আহিল।

দীক্ষিতেও সকলো কথা সলসলীয়াকৈ ব্যক্ত কৰাত মাতৃয়ে বিপ্লৱক আদৰি ললে।ভনীয়েকে একো আওভাওয়ে নাপায়।কিহৰ বাবে ককায়েকক ঘৰলৈ আহিব দিয়া নাছিল।

তই চিন্তা নকৰিবি বিপ্লৱ।মই খুড়াক বুজাই ক’ম।বিপ্লৱৰ দেউতাকে গহীন গম্ভীৰ হৈ টিভি চাই আছে।দীক্ষিতে মাত দিলে–
:”খুড়া,ভালে আছানে।আপোনাৰ খবৰ লবলৈ হস্পিতাল পালোগৈ।তাত গম পালোঁ ঘৰ আহিল বুলি।সেয়ে ঘৰ আহি ওলালোঁ।”
:”গাটো বৰ ভাল নাছিল।অলপ দুৰ্বল।এতিয়া ভাল পাইছোঁ।মোৰ খবৰ লবলৈ যে আহিলা।ভাল পালোঁ।ভগৱানে তোমাৰ মংগল কৰক।”
:”খুড়া,আপোনাক কথা এটা ক’ব আছিল।”
:”কোৱা।”
:”আপুনি বিপ্লৱক ভুল বুজি আছে খুড়া।বিপ্লৱে আচলতে নিজ ইচ্ছাৰে বিপথে পৰিচালিত হোৱা নাছিল।ৰিতু আৰু হৰ্ষিতৰ সংগয়ে অসৎ পথে গতি কৰাইছিল।তাক বাধ্য কৰোৱা হৈছিল।সেই সংগৰ পৰা ওলাই আহিব চেষ্টা কৰিও আহিব পৰা নাছিল।আপুনি খঙত তাক অকলশৰীয়া কৰি দিয়াৰ পাছত তাৰ ভুল ভাঙিল।”

সৰুকালৰ সকলোৰে মৰমৰ বিপ্লৱে এতিয়া ভুল-শুদ্ধ বিচাৰ কৰিব পৰা হ’ল।সেই সময়ত কৈশোৰ মনটোৰ স্থিতি নাছিল বাবেই ভাল-বেয়া বিচাৰ বিশ্লেষণ কৰিব নোৱাৰাৰ বাবে সেই দশা হৈছিল।ভুলৰ শাস্তি পালে সি।অতদিনে পৰিয়ালৰ পৰা বঞ্চিত হৈয়ে অকলশৰে দিন কটাইছিল।আৰু শাস্তি নিদিব খুড়া,তাক আদৰি লওক।কথাখিনি কৈ থাকোতে দীক্ষিতৰ দুচকুৱে চকুলো বৈ আছিল।

দেউতাকৰ আগৰ সেই চকু ঘোপা কৰা খংটো নাই এতিয়া।দীক্ষিতে কথাখিনি কৈ শেষ কৰাৰ লগেলগে বিপ্লৱে দেউতাকৰ ভৰিত ধৰি ক্ষমা খুজি কান্দিবলৈ ধৰিলে।দেউতাকে খং নকৰিল।মৰমেৰে মূৰত হাত ফুৰাই আশীৰ্বাদ কৰিলে।ভুলবোৰ মাৰ্জনা কৰি আদৰি ললে পুত্ৰ বিপ্লৱক।