মিঞা জনগোষ্ঠী আৰু “গাশ্বী”–
✍🏻 আবু জাফৰ,
দৰং
তথাকথিত মিঞা জনগোষ্ঠী বুলি ক’লে আমি জানো যে সমাজৰ সেই এক অৱহেলিত তুচ্ছ তাচ্ছিল্য কৰা জনগোষ্ঠী। প্ৰশ্ন জাগে, প্ৰকৃততে এই জনগোষ্ঠীৰ লোক অৱহেলিত হোৱাৰ কাৰণ কি ?
এই সম্প্ৰদায়ৰ একাংশই ভালকৈ অসমীয়া ভাষা কব নোৱাৰে । কাৰণ ইহঁতে বেছি সংখ্যক লোকে চৰ অঞ্চলৰ নতুবা একেবাৰে ভিতৰুৱা অঞ্চলত বসবাস কৰে । সাধাৰনতে আমি অৱগত যে ভাষা হ’ল মানুহৰ মাজত মনৰ ভাব আদান-প্ৰদান কৰাৰ এটা মাধ্যম । ‘মিঞা ভাষা’ নামৰ ‘দোৱান’ টো হ’ল এই জনগোষ্ঠীৰ প্ৰথম ভাষা আৰু অসমীয়া ভাষাটো হল দ্বিতীয় ভাষা যাক তেওঁলোকে মাতৃ ভাষা হিচাপে গ্ৰহণ কৰিছে। সেইবাবে স্বৰ্গীয় ভুপেন হাজৰিকা দেৱে এই জনগোষ্ঠীটোক ‘ন’ অসমীয়া বুলি অভিহিত কৰি গৈছে। সেই কাৰণে এই জনগোষ্ঠীৰ মানুহে দ্বিতীয় ভাষাটো
বিদ্যালয়ত অধ্যয়ন,
কথোপকথন বা বিভিন্ন ধৰণৰ বাৰ্তালাপৰ মাজেৰেহে ভাষাটো আহৰিত কৰে বুলি জনাজাত। সেইবাবে এই সম্প্ৰদায়ৰ বা এই জনগোষ্ঠীৰ লোকসকলৰ (মিঞাভাষা) দোৱান টো ব্যৱস্থাগত ভাবে স্বীকৃতি পোৱা নাই । হ’লেও জনগোষ্ঠী টোৱে নিজকে এই জনগোষ্ঠীৰ পৰা বা এই ভাষাৰ পৰা নিজকে আঁতৰাই নানে কিয়নো এইটোৱেই তেওঁলোকৰ মাতৃৰ মুখৰ পৰা শুনা প্ৰথম মত বিনিময়ৰ মাধ্যম ।
এই জনগোষ্ঠীৰ লোকসকলে চাৰিত্ৰিক দিশতে আগুৰি আছে । যেনে- শিক্ষা-দীক্ষাৰ মাধ্যম হিচাপে অসমীয়া ভাষাকে আঁকোৱালি লৈছে আৰু তথাকথিত ‘মিঞা’ লোক সকলে কৃষিকৰ্ম , ব্যৱসায়-বাণিজ্য, অন্ন- বস্ৰ , ধৰ্মীয় আচাৰ-ব্যৱহাৰ , ৰীতি-নীতি, বিবাহ, স্থানীয় ভাষা সকলো ক্ষেত্ৰতে অসমীয়া সংস্কৃতিৰ লগত সংগতি থকা নিজা সংস্কৃতি আছে যিবোৰ জনমানসত এতিয়াও সম্পূৰ্ণ ৰূপে প্ৰকাশিত হোৱা নাই।
ইয়াৰ বাবে এই জনগোষ্ঠীৰ লোকসকলেই দায়ী।
এতিয়া আহিছোঁ অসমৰ মিঞা জনগোষ্ঠীৰ “গাশ্বী” উৎসৱৰ প্ৰসংগ লৈ। মিঞা লোকসকলৰ পুৰণি কালৰ ককা, আইতাৰ দিনত প্ৰচলিত কিছুমান ৰীতি- নীতি সকলোৱে মিলি অতীজৰে পৰা আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত এই উৎসৱ (গাশ্বী)পালন কৰি আহিছে। এই সম্প্ৰদায়ৰ লোক সকলে “গাশ্বী” উৎসৱ টো কাতি মাহৰ ১৪ দিন পিছত ১৫ দিনৰ ৰাতি (অমাবস্যাৰ ৰাতি) লৈ অপেক্ষা কৰে আৰু সিহঁতৰ পৰম্পৰা অনুযায়ী কৰিবলগীয়া কাম সমূহ সম্পন্ন কৰে। কাতি মাহৰ অমাবস্যাৰ ৰাতিটো সূৰ্য অস্ত যোৱাৰ পিছত এন্ধাৰে আৱৰি ৰাখে আৰু সকলোৱে মিলি নাটকীয় ভাৱে এটা দল গোট খাই দা, কুঠাৰ আদি লৈ ফল নধৰা গছ , এজনে কাটিবলৈ ধৰে আৰু আন কেইজনমানে বাধা দিয়ে আৰু আশ্বাস দিয়ে যে অহা বাৰ নিশ্চয় ফল ধৰিব বুলি। গছ কটা বন্ধ কৰি পৰম্পৰাগত ৰীতি অনুসৰি ধানখেৰ গছ বোৰত বান্ধি দিয়ে।
ইয়াত গাভৰু সকলেও আগভাগ লোৱা হৈছিল বুলি ককা আইতাৰ মুখত স্পষ্ট প্ৰকাশ । আগৰ প্ৰসঙ্গৰ দৰে গাভৰু সকলৰ চুলি দীঘল নহলে তামোল গছত চুলিৰ আগফাল কাটিবলৈ ধৰে আৰু আন কেইজনমানে বাধা দিয়ে যে অহা বাৰ গাভৰু ছোৱালী জনীৰ চুলি তামোল গছৰ দৰে দীঘল হ’ব বুলি এই জনগোষ্ঠীৰ বিশ্বাস । সেই ৰাতিটোত (অমাবস্যাৰ ৰাতি) নিম পাতৰ ঔষধ তৈয়াৰ কৰে আৰু সেই ৰাতিটোত ভৰা কলহৰ পানী লগতে দুবৰি বন, নিমপাত, হালধি আদি গোটেই ৰাতি ঘৰৰ চোতালত নিয়ৰত থৈ দিয়ে আৰু পিছদিনা ৰাতি পুৱা পৰিয়ালৰ সকলোৱে সেই পানীৰে গা-পা ধুই নিম পাতেৰে তৈয়াৰ কৰা ঔষধ খায় আৰু এইবিলাক কাম কৰিলে বিভিন্ন ধৰণৰ ৰোগ,ছালৰ বেমাৰ, শৰীৰৰ ঘা আদি বেমাৰ ভাল হয় বুলি বিশ্বাস কৰে আৰু এই ৰাতিটোকে মিঞাৰ ‘গাশ্বী’ৰ ৰাতি বুলি কোৱা হয়।
আমাৰ সেই ককা আইতাৰ দিনত প্ৰচলিত “গাশ্বীৰ” প্ৰচলন আছিল যদিও এতিয়া এই “মিঞাৰ গাশ্বী” পালন নোহোৱা পৰিলক্ষিত হৈছে । অতি পৰিতাপৰ কথা হ’ল আমি সকলোৱে ইয়াক পৰিহাৰ কৰাৰ পথত অগ্ৰসৰৰত। দিন কাল উকলি গৈছে আৰু ককা আইতাৰ দিনৰ পৰম্পৰা এটা এটা কৈ বিলুপ্ত হোৱা দেখা গৈছে । আহক আমি সুসংগঠিতভাৱে সকলোৱে পুনৰবাৰ (মিঞাৰ গাশ্বী)ক আগুৱাই নিয়াত হাতে হাত ধৰি আগবাঢ়ো ।