মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে হকী খেলুৱৈ লালৰেমচিয়ামীৰ বাবে ২৫ লাখ পুৰস্কাৰ তথা ঘৰৰ বাবে ভূমি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে

pc EastMojo

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে হকী খেলুৱৈ লালৰেমচিয়ামীৰ বাবে ২৫ লাখ পুৰস্কাৰ তথা ঘৰৰ বাবে ভূমি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে

অনলাইন বাৰ্ত্তাসেৱা – মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাই টকিঅ’ অলিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় মহিলা হকী খেলুৱৈ লালৰেমচিয়ামীৰ বাবে ২৫ লাখ নগদ ইনচেণ্টিভ, চৰকাৰী চাকৰি আৰু ঘৰৰ বাবে ভূমি প্ৰদানৰ ঘোষণা কৰিছে। ২১ বছৰীয়া যুৱতীগৰাকী অলিম্পিকৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যখনৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। উল্লেখযোগ্য যে, শুক্ৰবাৰে গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ হোৱা খেলখনত ভাৰতীয় মহিলা দলটো পৰাজিত হয়।

(UD.)