মামণি বাইদেউ
শতাব্দী শৰ্মা
নগাওঁ
কোন আছিল বাৰু
যি আধালেখা দস্তাবেজৰ সৃষ্টি কৰিছিল ?
কোন আছিল বাৰু
যাৰ কপালত ডগমগীয়া ৰঙা
ফোটটোৱে শোভা বৰ্ধন কৰিছিল ?
যাৰ কেঁকোৰা চুলিৰ পৰশৰ সৌন্দৰ্যই
জীৱনৰ প্ৰতি পলে পলে অনুভৱ কৰাইছিল
সুন্দৰৰ পূজাৰীৰ !
যি নৱগ্ৰহৰ শীতলী কোলাত
নিমাতভাৱে শুই পৰিল ।
সেই সাহিত্য কাণ্ডাৰী ,
মহীয়সী নাৰী ,
পদ্মশ্ৰী বিজয়ী ,
মানুহগৰাকী আন কোনো নহয়
তেওঁ আমাৰ অতি মৰমৰ
মামণি ৰয়ছম গোস্বামী বাইদেউ ।