বশিষ্ঠাশ্রমক ধর্মীয় পৰ্যটনৰ উল্লেখযোগ্য স্থান ৰূপে গঢ়িব চৰকাৰে

pc The Sentinel Assam

বশিষ্ঠাশ্রমক ধর্মীয় পৰ্যটনৰ উল্লেখযোগ্য স্থান ৰূপে গঢ়িব চৰকাৰে

অনলাইন বাৰ্ত্তাসেৱা – মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক বশিষ্ঠাশ্রম দেৱালয়ৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ পদক্ষেপ হিচাপে ইয়াৰ সভাগৃহ পুনঃনিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াৰ পুনৰ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছে বিশিষ্ট সমাজকর্মী অনুপম শৰ্মা আৰু প্ৰাগ্ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণে। ইয়াৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই বৈশিষ্ঠ ভূতনাথ শ্মশানৰ কালী মন্দিৰ চৌহদত প্ৰাগ্‌ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণৰ পৃষ্ঠপোষকতাত উন্নীত কৰা এটা সৰু পুখুৰীসহ উদ্যান এখনৰো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

(UD.)