মানৱতাৰ অৱক্ষয়ৰ বাবে দায়ী কোন – দিপ্তী মণি গোস্বামী

PC - Daily City News

মানৱতাৰ অৱক্ষয়ৰ বাবে দায়ী কোন

দিপ্তী মণি গোস্বামী, লখিমপুৰ

সাম্প্ৰতিক প্ৰেক্ষাপটত দিনে ৰাতিয়েই শুনি থাকো, দেখি থাকোঁ টি ভিৰ পৰ্দাত অথবা অনান্য মাধ্যম সমূহৰ জৰিয়তে  মানৱতাৰ অৱক্ষয়ৰ নমুনা..! তাৰ বাবে দায়ী কোন…? নিশ্চিত ভাৱেই আমি নিজেই বুলি ধাৰণা নহয় নে..? মানুহ মাত্ৰেই অনুকৰণ প্ৰিয়, সেয়ে উপদেশতকৈ আৰ্হি ভাল বুলি কোৱা হয়। পুৰণি চামৰ  আৰ্হি আদৰ্শৰে প্ৰায় নতুন চাম চলে, কিছুমান অৱশ্যে ক’ৰবাত ব্যতিক্ৰম হয়।  যি কি নহওঁক প্ৰতিটো প্ৰজন্মৰ লোকে মানৱ সম্পদ গঢ়িবলৈ যাওতে লক্ষ্য ৰাখিব লাগে যে… “মানৱ সম্পদ টি যেন মানৱ যন্ত্ৰলৈ ৰূপান্তৰ নহয়”।আদি পাঠৰ আৰম্ভণিৰ  লগে লগে মানৱতাৰ পাঠো আৰ্হি আদৰ্শৰে দি যাব পাৰিলে কিছু হ’লেও মানৱতাৰ অৱক্ষয়ৰৰ ৰোধ হ’ব যেন ধাৰণা হয়।